নতুন দিল্লী,12 নৱেম্বৰ:ৰিজৱান ছিদ্দিকী নামৰ মুম্বাইৰ এগৰাকী অধিবক্তাই দেশৰ এটৰ্নী জেনেৰেল কে কে বেণুগোপাললৈ এক পত্ৰ প্ৰেৰণ কৰিছে ৷ বুধবাৰে কৌতুক অভিনেতা কুনাল কামৰাৰ বিৰুদ্ধে এক অৱমাননাৰ বিচাৰ কৰিবলৈ অনুমতি বিচৰা হৈছিল এই পত্ৰৰ জৰিয়তে ৷ কুনাল কামৰাই বুধবাৰে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে জামিন লাভ কৰাৰ পিছতে টুইটাৰত একাধিক ব্যংগাত্মক পোষ্ট টুইট কৰিছিল৷ সেয়ে এই বিচাৰৰ ক্ষেত্ৰত সহযোগ বিচাৰি অধিবক্তা গৰাকীয়ে এটৰ্নী জেনেৰেল গৰাকীক পত্ৰখন প্ৰেৰণ কৰে ৷
উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ডি ৱাই চন্দ্ৰচূড় আৰু ইন্দিৰা বেনাৰ্জীৰ বিশেষ বিচাৰপীঠে অৰ্ণৱ গোস্বামীৰ গোচৰৰ শুনানি গ্ৰহণ কৰিছিল ৷ যিয়ে জামিন প্ৰত্যাখ্যান কৰা বোম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল ৷ দেৱালীৰ বন্ধৰ সময়তো ন্যায়ালয়ে সাংবাদিক গৰাকীৰ গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ মান্তি হৈছিল ৷ গোস্বামী এগৰাকী ইণ্টেৰিঅ’ৰ ডিজাইনাৰৰ আত্মহত্যাৰ গোচৰত অভিযুক্ত আছিল ৷ বুধবাৰে এই গোচৰৰ শুনানি গ্ৰহণৰ পিছতে বোম্বে উচ্চ ন্যায়ালয়ে জামিন আবেদন মজুৰ নকৰাতো ভুল হোৱা বুলি প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠে ৷