নিউজ ডেস্ক, 2 আগষ্ট :শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ দায়িত্ববাহী বিষয়া প্ৰকাশ কুমাৰ গুপ্তাই ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশীক ভূমি পূজনলৈ আমন্ত্ৰণ জনাইছে ৷ ৰাম মন্দিৰ আন্দোলনৰ সক্ৰিয় দুয়োগৰাকী নেতাক ভূমি পূজনলৈ আমন্ত্ৰণ নকৰা বুলি শেহতীয়াকৈ সংবাদমাধ্যমত প্ৰকাশ পাইছিল ৷ এই তথ্য অস্বীকাৰ কৰি গুপ্তাই 5 আগষ্টৰ ভূমি পূজন অনুষ্ঠানত দুয়োগৰাকী শীৰ্ষ নেতাই উপস্থিত থাকিব বুলি উল্লেখ কৰিছে ৷
লগতে পঢ়ক :অযোধ্যা আইনৰ অধীনত 67 একৰ ভূমি শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰত হস্তান্তৰ
প্ৰকাশ কুমাৰ গুপ্তাই প্ৰকাশ কৰা অনুসৰি, দুয়োগৰাকী শীৰ্ষ নেতাকে ভূমি পূজনত অংশগ্ৰহণকৰিবলৈ ইতিমধ্যে নিমন্ত্ৰণ প্ৰেৰণ কৰা হৈছে ৷ টেলিফোন আৰু মেইলযোগে দুয়োগৰাকী নেতাক এই অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হৈছে ৷ অৱশ্যে কোভিড-19 মহামাৰীৰ বাবেই বহুটো আমন্ত্ৰণকাৰী হয়টো এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব পাৰে ৷ কিন্তু প্ৰায় 200 বিশিষ্ট লোক এই অনুষ্ঠানত উপস্থিত থাকিব বুলি গুপ্তাই প্ৰকাশ কৰিছে ৷