নিউজ ডেস্ক,২৭ এপ্ৰিলঃ পুৰণি দিনৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ সোমবাৰে ইষ্টাগ্ৰামযোগে শিশুকালৰ ফটো শ্বেয়াৰ কৰিলে বলিউডৰ মোহময়ী অভিনেত্ৰী ছাৰা আলী খানে। ইষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰি ছাৰা আলী খানে লিখে যে,"মোৰ সপোনৰ ৰাণী সদায় মইয়ে আছিলো ।"
বলিউড অভিনেত্ৰী গৰাকীয়ে শিশুকালৰ বিভিন্ন সময়ৰ কেইবাখনো ফটো শ্বেয়াৰ কৰে । ছ 'চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা অভিনেত্ৰী গৰাকীয়ে বিভিন্ন সময়ত তেখেতৰ অনুৰগীসকলক আমোদ প্ৰদান কৰি আহিছে ।