অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰীয় আৰক্ষী আৰু যুদ্ধ স্মাৰকত যোগী আদিত্যনাথ - Yogi Adityanath Visits NPM

নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক আৰু ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত উপস্থিত হৈ দেশৰ হকে সৰ্বোচ্চ বলিদান আগবঢ়োৱা শ্বহীদ সেনা আৰু আৰক্ষীৰ লোকসকলক শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷

ৰাষ্ট্ৰীয় আৰক্ষী আৰু যুদ্ধ স্মাৰকত যোগী আদিত্যনাথ

By

Published : Jun 16, 2019, 3:41 PM IST

নিউজ ডেস্ক, 16 জুনঃদেশৰ স্বাধীনতা আৰু অন্তৱৰ্তী সুৰক্ষাৰ ধ্বজাবহন কৰি সোণালী আখৰে জিলিকি থকা ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক আৰু ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক পৰিদৰ্শণ কৰে যোগী আদিত্যনাথে ৷ নীতি আয়োগৰ পঞ্চম বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীকো সাক্ষাৎ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাতৰ পূৰ্বেই ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত উপস্থিত হয় যোগী আদিত্যনাথ ৷ মা-ভাৰতীৰ সুযোগ্য সন্তানসকলে দেশৰ বাবে যি ত্যাগ কৰিছে সেয়া আমাৰ বাবে অনুপ্ৰেৰণাৰ স্ৰোত ৷ ভাৰতবৰ্ষৰ শৌৰ্য্য আৰু বীৰগাঁঠা অক্ষুন্ন ৰখা এইসকল শ্বহীদক মোৰ শ্ৰদ্ধাঞ্জলী অৰ্পণ বুলি টুইট কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আনহাতে প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাতৰ পৰৱৰ্তী সময়তে ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত উপস্থিত হয় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকী ৷ আৰক্ষী স্মাৰকত উপস্থিত হৈ কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীসমূহৰ সংযুক্ত বেণ্ডৰ দ্বাৰা গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰে যোগী আদিত্যনাথে ৷ দেশৰ অন্তৱৰ্তী সুৰক্ষা বাবে প্ৰাণ বলিদান দিয়া কেন্দ্ৰীয় আৰু ৰাজ্যিক আৰক্ষী বাহিনীৰ শ্বহীদসকলক মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলী বুলি টুইক কৰে যোগী আদিত্যনাথে ৷

ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু আৰক্ষী স্মাৰক নিৰ্মাণ কৰি উলিওৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে যোগী আদিত্যনাথে ৷

ABOUT THE AUTHOR

...view details