অসম

assam

ETV Bharat / bharat

COVID-১৯ ৰ আক্ৰান্ত লোকৰ সংখ্যা লুকুৱাইছে মমতা বেনাৰ্জীৰ চৰকাৰে : অধীৰ ৰঞ্জন চৌধুৰী

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছী নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ গুৰুত্বৰ অভিযোগ । মমতা বেনাৰ্জীৰ চৰকাৰে বিৰুদ্ধে COVID-১৯ ত ৰাজ্য়খনত আক্ৰান্ত হোৱা লোকৰ সঠিক তথ্য লুকুৱাৰ অভিযোগ উত্থাপন অধীৰ ৰঞ্জন চৌধুৰীৰ ।

By

Published : Apr 30, 2020, 2:04 PM IST

Adhir Ranjan Chowdhary alleges Mamta Banerjee of hiding data of COVID-19 cases
Adhir Ranjan Chowdhary alleges Mamta Banerjee of hiding data of COVID-19 cases

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ বুধবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে । ৰাজ্যখনৰ বিৰুদ্ধে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সঠিক তথ্য লুকুৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছী নেতাগৰাকীয়ে । লগতে চিকিৎসক সকলকো মৃত্য়ুৰ প্ৰকৃত কাৰণ লুকাই ৰখা মমতা বেনাৰ্জীৰ চৰকাৰে নিৰ্দেশ দিয়া বুলি মন্তব্য় কৰে নেতাগৰাকীয়ে ।

এটা প্ৰকাশিত ভিডিঅ'ত নেতাগৰাকীয়ে কয় যে, যোৱা কেবাদিন ধৰি ৰাজ্যখনত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । কিন্তু ৰাজ্য চৰকাৰখনে এতিয়াও পৰিসংখ্যাক লৈ লুকা-ভাকু খেলি আছে । যেতিয়া কেন্দ্ৰৰ পৰা দল পঠিওৱা হৈছিল তেতিয়া ৫৭ জন লোকৰ COVID-১৯ত মৃত্য়ু হোৱা বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।

শেহতীয়াকৈ ৰাজ্যখনত COVID-১৯ ৰ কম সংখ্যক পৰীক্ষা কৰাৰ বাবেও যথেষ্ট সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে মমতা বেনাৰ্জী চৰকাৰখন ।

আনহাতে পশ্চিম বংগৰ মুৰছিদাবাদ মেডিকেল কলেজৰ চিকিৎসক সকলক কৰ'ণা ভাইৰাছত মৃত্য়ু হোৱা লোকৰ প্ৰমাণ পত্ৰত সাধাৰণ কাৰণত মৃত্যু হোৱা বুলি উল্লেখ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা এটা নিৰ্দেশাৱালী জাৰি কৰা হৈছে বুলিও অভিযোগ উত্থাপন কৰে অধীৰ ৰঞ্জন চৌধুৰীয়ে । পশ্চিমবংগ চৰকাৰৰ ওপৰত উত্থাপন কৰা এই অভিযোগ সত্য বুলিও উল্লেখ কৰে কংগ্ৰেছী নেতাগৰাকীয়ে ।

নেতা অধীৰ ৰঞ্জনে আৰু কয়, কৰ'ণা ভাইৰাছ এটা মহামাৰী । যিটো বিশ্বৰ সকলোতে সংক্ৰমিত হৈছে । আমি ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ উপযুক্ত ব্য়ৱস্থা গ্ৰহণ কৰাৰ দৰকাৰ । কিন্তু পশ্চিমবংগ চৰকাৰে আমাৰ সকলো পৰামৰ্শ আওকাণ কৰি মানুহৰ মাজৰ পৰা প্ৰকৃত তথ্য় লুকুৱালৈ হে চেষ্টা কৰি আছে । এইটো পশ্চিমবংগৰ জনসাধাৰণৰ সৈতে অন্যায় । জীৱন বছোৱাৰ সলনি পশ্চিমবংগ চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰি লোকসকলক মৃত্যুৰ মুখলৈ ঠেলি আছে বুলি মন্তব্য কৰে ।

ABOUT THE AUTHOR

...view details