নতুন দিল্লী,27 জুলাই: জনপ্ৰিয় সামাজিক মাধ্যম হোৱাটচ এপক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈ উঠিছে টেলিগ্ৰাম ৷ টেলিগ্ৰাম ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ উদ্দেশ্যে এপটোক নতুন নতুন প্ৰযুক্তি সন্নিৱিষ্ট কৰি অধিক আকৰ্ষণীয় কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে ৷ এই এপ ব্যৱহাৰকাৰীয়ে নতুন অন্য আপডেটৰ লগতে প্ৰফাইল ফটোৰ বিপৰীতে এক প্ৰফাইল ভিডিঅ’ আপলোড কৰিব পাৰিব ৷ ব্যৱহাৰকাৰীয়ে এপটো খুলিলেই এই ভিডিঅ’ প্লে হোৱাৰ লগতে নিৰ্দিষ্ট ফ্ৰেম বাচি ল’ব পাৰিব বুলি এপটোৰ কৰ্তৃপক্ষই সদৰী কৰিছে ৷
অধিক জনপ্ৰিয়তা অৰ্জনৰ দিশে টেলিগ্ৰাম - আপলোড
টেলিগ্ৰাম এপ ব্যৱহাৰকাৰীয়ে নতুন অন্য আপডেটৰ লগতে প্ৰফাইল ফটোৰ বিপৰীতে এক প্ৰফাইল ভিডিঅ’ আপলোড কৰিব পাৰিব ৷ ব্যৱহাৰকাৰীয়ে এপটো খুলিলেই এই ভিডিঅ’ প্লে হোৱাৰ লগতে নিৰ্দিষ্ট ফ্ৰেম বাচি ল’ব পাৰিব বুলি এপটোৰ কৰ্তৃপক্ষই সদৰী কৰিছে ৷
অধিক জনপ্ৰিয়তা অৰ্জনৰ দিশে টেলিগ্ৰাম
টেলিগ্ৰামৰ এই নতুন আপডেটত বহুকেইটা বৈশিষ্ট্য সন্নিৱিষ্ট কৰা হৈছে ৷ 2017 চনৰ পিছত টেলিগ্ৰামে হোৱাটচ এপৰ নিকটতম প্ৰতিদ্বন্দী হিচাপে ডেস্কটপৰ পৰিৱৰ্তে ম’বাইলত একাধিক একাউণ্টৰ পোষকতা কৰিছে ৷
লগতে চাওকঃতবলিগী জামাত অংশ লোৱা ২৩ গৰাকী বিদেশীক নিজ গৃহ ৰাষ্ট্ৰলৈ যোৱাৰ অনুমতি