নিউজ ডেস্ক , 20 মে':ভোট গণনালৈ মাজত মাথো দুদিন থকা সময়তে বিভিন্ন সংবাদ মাধ্যমৰ 'EXIT POLL' সন্দৰ্ভত বিজেপি-এনডিএ মহাগঠবন্ধনৰ মুখুপাত্ৰ জিভিএল নৰসিমহা ৰাওৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ 'EXIT POLL'ত প্ৰকাশিত সমীক্ষা অনুসৰি বিজেপি-এনডিএ গঠবন্ধনে একক সংখ্যা গৰিষ্ঠতাত জয়ী হ'ব ৷
'EXIT POLL' তকৈ অধিক আসনত জয়ী হ'ব বিজেপিয়ে : নৰসিমহা ৰাও - নৰসিমহা ৰাও
বিভিন্ন সংবাদ মাধ্যমৰ 'EXIT POLL' সন্দৰ্ভত বিজেপি-এনডিএ মুখুপাত্ৰ জি ভি এল নৰসিমহা ৰাওৱে মন্তব্য কৰিছে
নৰসিমহা ৰাও
মুখপাত্ৰ ৰাওৱে কয় যে প্ৰাক নিৰ্বাচনী সমীক্ষাত বিজেপি জয়ী হ'ব বুলি প্ৰকাশিত হোৱা তথ্যটো কোনো আচৰিত কথা নহয় ৷ লগতে তেওঁ দাবী কৰে যে 'EXIT POLL' এ সমীক্ষা কৰা আসনত কৈ বিজেপিয়ে অধিক আসনত জয়ী হ'ব ৷ উল্লেখ্য যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত প্ৰাক নিৰ্বাচনী সমীক্ষা অনুসৰি বিজেপি এইবাৰো চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব ৷