নেশ্যনেল ডেস্ক, 13 মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 20 লাখ কোটি টকাৰ বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰাৰ এদিন পাচতে পেকেজৰ কেৱল 4 লাখ কোটি টকাহে চৰকাৰৰ তৰফৰ পৰা আহিব বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা কপিল ছিৱালে ৷ তেওঁ লগতে কয় যে, ৰিজাৰ্ভ বেংকে 8 লাখ কোটি টকা প্ৰদান কৰিব আৰু 5 লাখ কোটি টকা অতিৰিক্ত চৰকাৰী ধাৰৰ পৰা সংগ্ৰহ কৰাৰ লগতে 1 লাখ কোটি টকা অন্যান্য উৎসৰ পৰা প্ৰদান কৰা হ'ব ৷
চৰকাৰৰ প্ৰকৃত অৰ্থনৈতিক পেকেজ 4 লাখ কোটি টকাহে : ছিবাল - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 20 লাখ কোটি টকাৰ বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা
চৰকাৰৰ প্ৰকৃত অৰ্থনৈতিক পেকেজৰ পৰিমাণ 4 লাখ কোটি টকাহে ৷ 20 লাখ কোটি টকাৰ পেকেজ সম্পৰ্কত ছিৱালৰ মন্তব্য ৷
চৰকাৰৰ প্ৰকৃত অৰ্থনৈতিক পেকেজ 4 লাখ কোটি টকাহে : ছিবাল
ছিৱালে কয়, "প্ৰধানমন্ত্ৰীয়ে 20 লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজৰ কথা উল্লেখ কৰিছে ৷ বিশেষজ্ঞই কৈছে যে, চৰকাৰৰ তৰফৰ পৰা কেৱল 4 লাখ কোটি টকা প্ৰদান কৰা হ'ব ৷ বাকী টকা ৰিজাৰ্ভ বেংক, অতিৰিক্ত চৰকাৰৰ ধাৰ আৰু অন্যান্য উৎসৰ পৰা প্ৰদান কৰা হ'ব ৷"
উল্লেখ্য যে, মঙলবাৰে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰদান কৰা ভাষণত COVID-19 ৰ বিৰুদ্ধে যুঁজ আৰু দেশক আত্মনিৰ্ভৰশীল কৰিবৰ বাবে 20 লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰে ৷