অসম

assam

ETV Bharat / bharat

অন্ধ্ৰৰ কৃষকক সহায়ৰ বাবে আগবাঢ়ি আহিল অভিনেতা চনু চুড

দৰিদ্ৰ শ্ৰমিকক বিমানেৰে লক ডাউনৰ সময়ত ঘৰলৈ পথিয়াই মহান মানৱতাৰ পৰিচয় ডাঙি ধৰা বলিউডৰ অভিনেতা চনু চুড পুনৰ এবাৰ আগবাঢ়ি আহিল অন্ধৰ দৰিদ্ৰ পৰিয়াল এটাক সহায় কৰিবলৈ ৷

By

Published : Jul 27, 2020, 12:46 AM IST

Updated : Jul 27, 2020, 6:17 AM IST

অন্ধ্ৰৰ কৃষকক উদ্ধাৰৰ বাবে আগবাঢ়ি আহিল অভিনেতা চনু চুড
অন্ধ্ৰৰ কৃষকক উদ্ধাৰৰ বাবে আগবাঢ়ি আহিল অভিনেতা চনু চুড

নিউজ ডেস্ক, 26 জুলাইঃ দৰিদ্ৰ শ্ৰমিকক বিমানেৰে ঘৰলৈ পঠিয়াই ৰাষ্ট্ৰজুৰি প্ৰসংসা বুটলিবলৈ সক্ষম হোৱা চনু চুড পুনৰ এবাৰ আগবাঢ়ি আহিল অন্ধ প্ৰদেশৰ দৰিদ্ৰ কৃষক পৰিয়াল এটাক সহায় কৰিবলৈ ৷ অভিনেতা জনে অন্ধ প্ৰদেশৰ চিত্তোৰ জিলাস্থিত কৃষক পৰিয়ালটোক প্ৰদান কৰে এখন ট্ৰেক্টৰ ৷

অভিনেতা গৰাকীয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডি’অ পত্যক্ষ কৰে ৷ ভিডিঅ’টোত আছিল নাগেশ্বৰ ৰাওঁ নামৰ এজন বিলাহী কৃষক ৷ তেওঁ ধনৰ অভাৱত হাল বাবলৈ গৰু ভাৰালৈ আনিব নোৱাৰি নিজৰ কন্যা দুগৰাকীকেই হাল টনাত নিয়োজিত কৰিছে ৷ কৰ’ণাৰ সংকটে জুৰুলা কৰাৰ পাচত তেওঁৰ আৰ্থিক অৱস্থা শোচনীয় হৈ পৰাৰ বাবেই কৃষক জনে এনে দৰে কৃষি কৰ্ম কৰিবলগীয়া হৈছিল ৷

তাৰ পিচতেই ভিডিঅ’টো টুইটাৰত চনু চুডে শ্বেয়াৰ কৰি লিখিছিল যে, " এই পৰিয়ালটোৰ প্ৰাপ্য এহাল বলধ নহয়, তেওঁলোকৰ প্ৰাপ্য টেক্টৰ ৷ সেয়ে তোমালোকলৈ এখন পথিয়াম ৷ সন্ধিয়ালৈ তোমালোকৰ পথাৰত টেক্টৰে মাটি চহাব ৷ কুশলে থাকক"

উল্লেখ্য যে, মাৰ্চৰ 24 তাৰিখৰ পৰা দেশত আৰম্ভ হোৱা লক ডাউনত বিভিন্ন স্থানত আবদ্ধ হৈ পৰিছিল দেশৰ জনতা ৷ নিজ ঠাইৰ পৰা কেইবা হাজাৰ কিল’মিটাৰ দূৰলৈ কাম বিচাৰি যোৱা দৰিদ্ৰ শ্ৰমিক সকল দিশহাৰা হৈ পৰে লক ডাউনত ৷ উপায়হীন হৈ বহু শ্ৰমিকেই পদব্ৰজে নিজ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰে ৷ এই সময়চোৱাত বহু শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে বহু শ্ৰমিক চিকিৎসাধীন হ’ব লগীয়া অৱস্থাও হয় ৷ শ্ৰমিক সকলৰ এই দুখ দেখি তেওঁলোকক সহায়ৰ বাবে হাত আগবঢ়াই বলিউডৰ প্ৰতিষ্ঠিত অভিনেতা চনু চুড ৷ অভিনেতা গৰাকীয়ে তেওঁৰ খৰচত প্ৰায় 18,000 ৰ পৰা 20,000 শ্ৰমিকক বিমানেৰে নিজ ৰাজ্যলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰে ৷

আনহাতে পাঞ্জাৱৰ 1500 ডাক্তৰক তেওঁ PPE কীট দান কৰাৰ লগতে মুম্বাইত থকা তেওঁৰ হোটেলখনত স্থাস্থ্যকৰ্মীক বিনামূলীয়াকৈ থকাৰ ব্যৱস্থা কৰি দিয়ে ৷ ইয়াৰ উপৰিও ৰমজান মাহত তেওঁ বহু দৰিদ্ৰ লোকক খাদ্য প্ৰদান কৰিছিল ৷

লগতে পঢ়কঃকাৰ্গিল : ভাৰতীয় সেনাক পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ খবৰ দিয়া ভেড়াৰখীয়া গৰাকী

Last Updated : Jul 27, 2020, 6:17 AM IST

ABOUT THE AUTHOR

...view details