নিউজ ডেস্ক,11 জুনঃ মধ্যপ্ৰদেশত আৰক্ষীৰ জিম্মাত থকা এজন অভিযুক্তই গুলীয়াই আত্মহত্যা কৰাৰ পাছতে দায়িত্বত থকা পাঁচজন আৰক্ষীক নিলম্বন কৰা হয় ৷
জবলপুৰ ৰেঞ্জৰ আৰক্ষী সঞ্চালক প্ৰধান ভাগৱন্ত সিং চৌহানৰ ভাষ্য অনুসাৰী, এজনী নাবালিকাৰ শ্লীলতাহানিৰ অপৰাধত মঙলবাৰে আটক কৰা হৈছিল সুভম বৈৰাগী নামৰ 25 বছৰীয়া এজন যুৱকক ৷ অস্ত্ৰ-শস্ত্ৰৰ চোৰাং সৰবাহৰ সৈতেও সৈতে জড়িত অভিযুক্ত সুভম বৈৰাগী ৷ আৰক্ষীৰ জেৰাত চিভিল লাইন অঞ্চলৰ এটা জৰাজীৰ্ণ ঘৰত অস্ত্ৰ লুকুৱাই ৰখাৰ কথাও স্বীকাৰ কৰে অভিযুক্তই ৷ ইয়াৰোপৰি অভিযুক্তক আটক কৰাৰ বাবদ 3000 টকা পুৰষ্কাৰ প্ৰদানৰ কথাও ঘোষণা কৰা হৈছিল বুলিও খোদ আৰক্ষীৰ জেৰাত অভিযুক্তই জানিবলৈ দিয়ে ৷
আৰক্ষীয়ে অভিযুক্তক বন্দুক থকা জৰাজীৰ্ণ ঘৰটোলৈ লৈ যোৱাৰ পাছতে অভিযুক্ত সুভম বৈৰাগীয়ে উক্ত স্থানৰ পৰা বন্দুকটো উলিয়াই আত্মহত্যা কৰে ৷ আৰক্ষীয়ে ততাতৈয়াকৈ অভিযুক্তক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে যদিও ইতিমধ্যে মৃত্যু হয় সুভম বৈৰাগীৰ ৷