মস্কো/নতুন দিল্লী,9 আগষ্ট: বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ডব্লিউ এইচ অ’ৱে শনিবাৰে প্ৰকাশ কৰা অনুসৰি, বিগত 24 ঘণ্টাত সমগ্ৰ বিশ্বত 2,84,000 গৰাকী লোক নতুনকৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ এই সংখ্যা বৃদ্ধিৰ লগে লগে কৰ’ণাত আক্ৰান্তৰ সংখ্যাই 19.4 মিলিয়ন স্পৰ্শ কৰিছে ৷ এই সময়ছোৱাত প্ৰায় 7,16,075 গৰাকী লোকে ভাইৰাছবিধত আক্ৰান্ত হৈ কৰুণ মৃত্যুক আঁকোৱালি লয় ৷ ইয়াৰ পূৰ্বে শুকুৰবাৰে ডব্লিউ এইচ অ’ৱে তিনিস্তৰীয় মাস্ক পৰিধানৰ বিষয়ে টুইট কৰিছিল, যি কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সহায়ক হিচাপে পৰিচিত হৈছে ৷
শুকুৰবাৰৰ দিনটোলৈকে আমেৰিকাত 58,173 গৰাকী লোক নতুনকৈ ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ দেশখনত প্ৰায় 4.9 মিলিয়ন লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ জনস হপকিনচ বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা অনুসৰি, দেশখনত 198 দিন পূৰ্বে অৰ্থাৎ চলিত বৰ্ষৰ 22 জানুৱাৰীত প্ৰথমটো কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ তথ্য পোহৰলৈ আহিছিল ৷ শনিবাৰৰ দিনটোত আমেৰিকাত 1,243 গৰাকী লোকে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ৷ দেশখনত আক্ৰান্তৰ সংখ্যাই শীঘ্ৰে 5 মিলিয়নৰ সীমা অতিক্ৰম কৰিব বুলি আশংকা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ কিন্তু আক্ৰান্তসকলৰ মাজৰ পৰা 11.7 মিলিয়ন লোকে আৰোগ্য লাভ কৰিছে ৷