নেশ্বনেল ডেস্ক, 30 নৱেম্বৰ :দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা ৷ মহাৰাষ্ট্ৰৰ ধুলেত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত 8 জনকৈ লোকে প্ৰাণ হেৰুৱাব লগা হৈছে ৷ শনিবাৰে এখন দলঙৰ পৰা যাত্ৰীবাহী ভানখন বাগৰি পৰাৰ ফলত এই ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাৰ ফলত আহত হৈছে প্ৰায় 25 জন লোক ৷
মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগত দুৰ্ঘটনাঃ নিহত 14 - ধুলেত দুৰ্ঘটনাত নিহত 8 জন লোক
দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত দুৰ্ঘটনাত প্ৰায় 14 জন লোকৰ মৃত্যু হৈছে ৷ ইয়াৰোপৰি, আহত হৈছে বহুকেইজন লোক ৷
![মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগত দুৰ্ঘটনাঃ নিহত 14 দুৰ্ঘটনাত নিহত বহু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5222566-thumbnail-3x2-ac-2.jpg)
দেশৰ বিভিন্ন প্ৰান্তত দুৰ্ঘটনা
আনহাতে, পশ্চিমবংগৰ ফাৰাক্কাত শনিবাৰে পুৱা এক দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাৰ ফলত 6 জন লোক নিহত হোৱাৰ লগতে বহুকেইজন লোক আহত হোৱাৰ তথ্য লাভ কৰা হৈছে ৷
পশ্চিমবংগত ভয়ংকৰ দুৰ্ঘটনা
আৰু পঢ়ক : আস্থা ভোটৰ সন্মুখীন হ'ব উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰ