শদিয়া, 19 ফেব্ৰুৱাৰীঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামচাইত মঙলবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ AS 01T 8555 নম্বৰৰ তীব্ৰবেগী ছেন্ট্ৰ গাড়ীখনে ৰৈ থকা এখন বলেৰ DI বাহনত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷ মঙলবাৰে সন্ধ্যা প্ৰায় ৬ বজাত নামচাই জিলাৰ চেঙাপথাৰৰ একেটা পৰিয়ালৰ কেইবাগৰাকীও সদস্য হাবিগাওঁৰ পৰা বিয়াখাই উভতি অহাৰ পথত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত মংলা খাৰিয়া, ৰিণা খাৰিয়া, জোনালী খাৰিয়া(দহ মাহৰ শিশু), জাপান খাৰিয়া, টুনটুনি মুড়া, ববিতা মুড়া নিহত হোৱাৰ লগতে চালক বাবুল মুণ্ডা আৰু বুধি সুৰেণ, মুনু খাৰিয়া গুৰুতৰভাবে আঘাটপ্ৰাপ্ত হয় ৷ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ছেণ্ট্ৰ গাড়ীখন সম্পুৰ্ণ ৰূপে বিধ্বস্ত হৈ পৰে ৷ ছেন্ট্ৰ গাড়ীখনৰ চালক বৰ্তমান পলাতক বুলি জানিব পৰা গৈছে ৷ আহত দুগৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে ৷
অৰুণাচল প্ৰদেশৰ নামচাইত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, ৬ জন নিহত
মঙলবাৰে সন্ধ্যা প্ৰায় ৬মান বজাত নামচাই জিলাৰ চেঙাপথাৰৰ একেটা পৰিয়ালৰ কেইবাগৰাকীও সদস্য হাবিগাওঁৰ পৰা বিয়াখাই উভতি অহাৰ পথত সংঘটিত হয় দুৰ্ঘটনাটো ৷
অৰুণাচল প্ৰদেশৰ নামচাইত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, ৬ জন নিহত
Last Updated : Feb 19, 2020, 2:47 PM IST