নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰীঃঅখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে জেএনইউসহ দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আৰু স্থানীয় বাসিন্দাসকলে বৃহস্পতিবাৰে অশোক ৰোডৰ জন্তৰ মন্তৰৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শান্তি সমদল উলিয়ায় ৷ সমদলটো সন্ধিয়া 6.40 বজাৰ ভিতৰত কনিষ্টবল ৰতন লাল আৰু আইবি বিষয়া অংকিত শৰ্মাৰ শ্ৰদ্ধাঞ্জলিৰ বাবে উলিওৱা হয় ৷ তেওঁলোকে পতাকাৰ লগতে কনিষ্টবল ৰতন লাল আৰু বিষয়া অংকিত শৰ্মাৰ প্ৰতিচ্ছবি লৈ এই সমদল উলিয়ায় ৷
চলিত সপ্তাহত পূৰ্বোত্তৰ দিল্লীত হিংসাত্মক ঘটনাৰ পূৰ্বে বিজেপি নেতা কপিল মিশ্ৰাই অশালীন মন্তব্য কৰা বিষয়ো তেওঁলোকৰ এই শান্তি সমদলৰ অংশ আছিল ৷ দেওবাৰে উত্তৰ-পূৱ দিল্লীৰ বিভিন্ন অঞ্চল মৌজপুৰ, জাফৰাবাদ, বাবৰপুৰ, যমুনা বিহাৰ, শিৱ বিহাৰ, চান্দবাগ, ঘোণ্ডাত সংঘটিত হিংসাত্মক ঘটনাত প্ৰায় 38 গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে 200তকৈয়ো অধিক লোক আহত হয় ৷