অসম

assam

ETV Bharat / bharat

কলকাতাত উপস্থিত গোৰ্খা জনমুক্তি মৰ্চাৰ প্ৰধান বিমল গুৰুং

150ৰো অধিক গোচৰত অভিযুক্ত হৈ 2017 চনৰ পৰা পলাই থকা গোৰ্খা জনমুক্তি মৰ্চাৰ প্ৰধান বিমল গুৰুঙক বুধবাৰে কলকাতাৰ ছল্ট লেকস্থিত গোৰ্খা ভৱনত দেখিবলৈ পোৱা যায় ৷ দাৰ্জিলিঙত পৃথক গোৰ্খা ৰাজ্যৰ দাবী উত্থাপন কৰা গুৰুঙে 2017 চনৰ পৰাই পলায়ন কৰি আছিল ৷

কলকাতাত উপস্থিত গোৰ্খা জনমুক্তি মৰ্চাৰ প্ৰধান বিমল গুৰুং
কলকাতাত উপস্থিত গোৰ্খা জনমুক্তি মৰ্চাৰ প্ৰধান বিমল গুৰুং

By

Published : Oct 22, 2020, 9:43 AM IST

নিউজ ডেস্ক, 22 অক্টোবৰ :পৃথক গোৰ্খা ৰাজ্যৰ দাবী উত্থাপন কৰি ৰাষ্ট্ৰযন্ত্ৰৰ ৰোষত পৰা গোৰ্খা জনমুক্তি মৰ্চাৰ প্ৰধান বিমল গুৰুঙক বুধবাৰে কলকাতাত প্ৰত্যক্ষ কৰা হয় ৷ 2017 চনৰ পৰা পলাতক হৈ থকা গুৰুঙৰ বিৰুদ্ধে ইউএপিএ আইনকে ধৰি 150টাৰো অধিক গোচৰ ৰুজু হৈ আছে ৷ বুধবাৰে কলকাতাৰ ছল্ট লেকস্থিত গোৰ্খা ভৱনত প্ৰত্যক্ষ কৰা হয় গুৰুঙক ৷ এক সংবাদমেল সম্বোধন কৰিবলৈ গোৰ্খা ভৱনত আহি উপস্থিত হয় গুৰুঙ ৷

ঘটনাস্থলীত আৰক্ষী উপস্থিত আছিল যদিও গুৰুঙক আটক কৰাৰ পৰা বিৰত থাকে ৷ ধাৰণা কৰা হৈছে যে,পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই গুৰুং এইদৰে ওলাই অহাটোৱে এক ৰাজনৈতিক সমীকৰণৰে অংশ ৷ অৱশ্যে গোৰ্খা ভৱনৰ বিষয়াই তেওঁৰ প্ৰৱেশত বাধা প্ৰদান কৰে ৷

2017 চনত পৃথক গোৰ্খা ৰাজ্যৰ দাবীৰে দাৰ্জিলিঙত প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰিছিল গুৰুঙে ৷ তেতিয়াৰ পৰাই তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ পৰা ৰক্ষা পৰিবলৈ পলায়ন কৰি আছিল গোৰ্খা জনমুক্তি মৰ্চাৰ অধ্যক্ষগৰাকী ৷

লগতে পঢ়ক :ভাৰত-চীন সীমান্তত যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু আইটিবিপি

ABOUT THE AUTHOR

...view details