অসম

assam

ETV Bharat / bharat

অনুচ্ছেদ 370 প্ৰত্যাহাৰ ঐতিহাসিকঃ স্থলসেনা প্ৰধান জেন. নাৰাভানে - Abrogation of Article 370 'historic', says Army chief

ভাৰতীয় স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানেৰ অনুসৰি, জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাটো ঐতিহাসিক ৷ অনুচ্ছেদ 370 প্ৰত্যাহাৰে ভাৰতৰ পশ্চিম সীমান্তৰ পৰা চলি অহা দীৰ্ঘম্যাদী ছায়া যুদ্ধক একপ্ৰকাৰ স্তব্ধ কৰি তীব্ৰ প্ৰত্যাহ্বান দিবলৈ সক্ষম হৈছে ৷

Abrogation of Article 370 'historic', says Army chief
অনুচ্ছেদ 370 প্ৰত্যাহাৰ ঐতিহাসিকঃ স্থলসেনা প্ৰধান জেন. নাৰাভানে

By

Published : Jan 16, 2020, 12:29 PM IST

নেশ্বনেল ডেস্ক, 16 জানুৱাৰীঃজম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাটো ঐতিহাসিক সিদ্ধান্ত ৷ ভাৰতীয় স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে বুধবাৰে স্থলসেনা দিৱস উপলক্ষে এই কথা উল্লেখ কৰে ৷

স্থলসেনা প্ৰধান জেন. নাৰাভানে

ভাৰতৰ পশ্চিম সীমান্তৰ পৰা দীৰ্ঘদিন ধৰি পাকিস্তানে চলাই অহা ছায়া যুদ্ধৰ অৱসান ঘটাবলৈ এই সিদ্ধান্ত যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক প্ৰমাণিত হৈছে ৷ ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে গ্ৰহণ কৰা শূণ্য়-সহনশীলতাৰ বিষয়ে বিশ্ববাসীৰ লগতে পাকিস্তানে জ্ঞাত হোৱাটো উচিত ৷ জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাটোৱে জম্মু-কাশ্মীৰক দেশবাসীৰ সৈতে সংযুক্ত কৰিব ৷ জম্মু-কাশ্মীৰত দীৰ্ঘদিন ধৰি চলি অহা ছায়া যুদ্ধনীতিত ব্যাঘাত অহাৰ লগতে পাকিস্তানে সন্ত্ৰাসবাদক যোগাই অহা উদগনিত যতি পৰিব বুলিও স্থল সেনাধ্যক্ষগৰাকীয়ে উল্লেখ কৰে ৷ উল্লেখ্য যে, স্থলসেনা দিৱসৰ পূৰ্বে হোৱা সংবাদমেলত সেনাধ্যক্ষগৰাকীয়ে, সংসদীয় দলে নিৰ্দেশ প্ৰদান কৰিলে পাকিস্তান অধ্যুষিত কাশ্মীৰ দখল কৰিবলৈ স্থলসেনা সাজু আছে বুলি কৈছিল ৷

ABOUT THE AUTHOR

...view details