নিউজ ডেস্ক, 6 অক্টোবৰঃবালাকোট বায়ু আক্ৰমণৰ ঘটনাৰ পিচতে চৰ্চালৈ অহা বায়ুসেনাৰ 51 স্কোৱাড্ৰনে লাভ কৰিছে বিশেষ বঁটা ৷ অভিনন্দন বৰ্থমান কৰ্মৰত 51 স্কোৱাড্ৰন ওৰফে মিৰাজ স্কোৱাড্ৰনে লাভ কৰিছে বায়ুসেনা প্ৰধানৰ ইউনিট চাইটেশ্বন কাৰ্ড ৷
অহা 8 অক্টোবৰত ভাৰতীয় বায়ুসেনাই উদযাপন কৰিব 87 সংখ্যক বায়ুসেনা দিৱস ৷ সিদিনাখনেই বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়াই 51 স্কোৱাড্ৰনক প্ৰদান কৰিব এই বঁটা ৷ হিন্দন এয়াৰ বেছত অনুষ্ঠিত হ'বলগীয়া বায়ুসেনা দিৱসত স্কোৱাড্ৰনৰ কামাণ্ডিং অফিচাৰ গ্ৰুপ কেপ্তেইন সতীশ পাৱাৰে গ্ৰহণ কৰিব বঁটাটো ৷