অসম

assam

ETV Bharat / bharat

সহকৰ্মীৰ পৰিয়াললৈ উইং কমাণ্ডাৰ অভিনন্দনৰ ধন্যবাদ জ্ঞাপন - ভাৰত মাতা কি জয়

উইং কমাণ্ডাৰ অভিনন্দন ৱৰ্তমানৰ প্ৰায় ১১৯ ছেকেণ্ডজোৰা এক ভিডিঅ' ভাইৰেল । ভিডিঅ'টোত সহকৰ্মীসকলৰ পৰিয়াললৈ ধন্যবাদ জ্ঞাপন বায়ু সেনাৰ পাইলটগৰাকীৰ ।

সহকৰ্মীৰ পৰিয়াললৈ উইং কমাণ্ডাৰ অভিনন্দনৰ ধন্যবাদ জ্ঞাপন

By

Published : May 5, 2019, 9:59 AM IST

নিউজ ডেস্ক, ৫ মে': উইং কমাণ্ডাৰ অভিনন্দন বৰ্তমানৰ শেহতীয়াকৈ এক ভাইৰেল ভিডিঅ' চছিয়েল মিডিয়াত প্ৰকাশ পাইছে । ভিডিঅ'টোত ভাৰতীয় বায়ুসেনাৰ পাইলট গৰাকীক বহুসংখ্যক প্ৰতিৰক্ষা বিষয়া তথা সহকৰ্মীৰ সৈতে কথোপকথনত ব্যস্ত থকা দেখা গৈছে । প্ৰায় ১১৯ ছেকেণ্ডৰ এই ভিডিঅ'টোত সহকৰ্মীসকলে তেওঁৰ সৈতে এখন ফটো উঠিবৰ বাবে হেতা-ওপৰা লগোৱাৰ লগতে অভিনন্দনে উৎসাহেৰে সঁহাৰি জনাইছে । সেনা বাহিনী আৰু বায়ু সেনাৰ লোকসকলৰ লগত পাইলট গৰাকীকো "ভাৰত মাতা কি জয়" শ্ল'গানত অংশগ্ৰহণ কৰা দেখা গৈছে ।

সহকৰ্মীৰ পৰিয়াললৈ উইং কমাণ্ডাৰ অভিনন্দনৰ ধন্যবাদ জ্ঞাপন

ফটো লোৱাৰ পাছতে অভিনন্দনে প্ৰতিৰক্ষা বিভাগৰ লোকসকলক জনাই যে, তেওঁ এই ফটোকেইখন সহকৰ্মী সকলৰ পৰিয়ালৰ বাবেহে উঠিছে । যিহেতু পৰিয়ালৰ লোকসকলক ব্যক্তিগতভাৱে লগ কৰিব নোৱাৰি সেয়েহে ফটোকেইখন দেখুৱাইয়ে তেওঁৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে । সহকৰ্মী সকলৰ পৰিয়ালে তেওঁৰ আশু-আৰোগ্য কামনা কৰাৰ বাবেই ধন্যবাদ জনাব বিচাৰিছে বুলি তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে, এই গৰাকী ভাৰতীয় বায়ু সেনা বিষয়া ফ্ৰেব্ৰুৱাৰী মাহত পাকিস্তানী সেনাৰ হাতত বন্দী হৈছিল । কিন্তু ভাৰত তথা অন্য ৰাষ্ট্ৰৰ চাপত পৰি ৬০ ঘন্টাৰ পাছত পাকিস্তানে অভিনন্দনক মুকলি কৰি দিছিল । ৱাঘা সীমান্তইদি মুকলি কৰাৰ পাছতে গুৰুতৰভাৱে আহত পাইলট গৰাকীক দিল্লীৰ সেনা চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল । সুৰক্ষাৰ স্বাৰ্থতে তেওঁক পৰৱৰ্তী সময়ত শ্ৰীনগৰৰ পৰা অন্য ঠাইলৈ বদলিও কৰা হৈছিল । সেই সময়তে সমগ্ৰ দেশবাসীয়ে তেওঁৰ আহু আৰোগ্য কামনা কৰিছিল ।

ABOUT THE AUTHOR

...view details