অসম

assam

ETV Bharat / bharat

আফগানিস্তানত ৰাষ্ট্ৰপতি নিৰ্বাচন ফলাফল কোনো কাৰণতে মানি নলওঁ মই: আব্দুল্লা আব্দুল্লা

কেলেংকাৰীৰ আধাৰত নিৰ্ণয় হোৱা ফলাফল কোনো কাৰণতে মানি লব নোৱাৰি ৷ আফগানিস্তানত অলপতে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত মিছাৰ আশ্ৰয় লৈ জয়লাভ কৰিছে ৰাষ্ট্ৰপতি আশ্ৰফ গানিয়ে ৷ এই মন্তব্য  গানিৰ প্ৰতিদ্বন্দী আব্দুল্লা আব্দুল্লাৰ ৷

By

Published : Dec 23, 2019, 6:57 PM IST

আফগানিস্তানত ৰাষ্ট্ৰপতি নিৰ্বাচন ফলাফল কোনো কাৰণতে মানি নলও মই: আব্দুল্লা আব্দুল্লা
আফগানিস্তানত ৰাষ্ট্ৰপতি নিৰ্বাচন ফলাফল কোনো কাৰণতে মানি নলও মই: আব্দুল্লা আব্দুল্লা

নিউজ ডেস্ক, 23 ডিচেম্বৰ: কেলেংকাৰীৰ আধাৰত নিৰ্ণয় হোৱা ফলাফল কোনো কাৰণতে মানি ল'ব নোৱাৰি ৷ আফগানিস্তানত অলপতে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত মিছাৰ আশ্ৰয় লৈ জয়লাভ কৰিছে ৰাষ্ট্ৰপতি আশ্ৰফ গানিয়ে ৷ এই মন্তব্য গানিৰ প্ৰতিদ্বন্দী আব্দুল্লা আব্দুল্লাৰ ৷

আফগানিস্তানত ৰাষ্ট্ৰপতি নিৰ্বাচন ফলাফল কোনো কাৰণতে মানি নলও মই: আব্দুল্লা আব্দুল্লা

নিৰ্বাচনী আয়োগৰ তথ্য অনুসৰি গানিৰ বিৰুদ্ধে নিৰ্বাচনী ফলাফলত কেলেংকাৰীৰ অভিযোগ উত্থাপন হোৱাৰ বাবেই ফলাফল ঘোষণা কৰাত 3 মাহ বিলম্ব হ'ল ৷ নিৰ্বাচনী ফলাফল অনুসৰি গানিয়ে 50.64 শতাংশ ভোট লাভ কৰাৰ বিপৰীতে আব্দুল্লাই লাভ কৰিছিল 39.50 শতাংশ ভোট ৷ আনহাতে মুঠ 1,824,401 ভোটৰ ভিতৰত গানিয়ে 923,868 টা ভোট লাভ কৰাৰ বিপৰীতে আব্দুল্লাই মুঠ 720,099 টা ভোট লাভ কৰাৰ কথা প্ৰকাশ কৰে আন্তৰাষ্ট্ৰীয় নিৰ্বাচনী আয়োগে ৷ এই ফলাফলত সম্পূৰ্ণৰূপে ভুল বুলি দাবী কৰে আব্দুল্লাই ৷

ভোট গণনাত হোৱা এই কেলেংকাৰীৰ গোন্ধ পাই আব্দুল্লাৰ সমৰ্থকে আফগানিস্তানৰ 34 টা সমষ্টিত ভোটদান আৰু গণনা বন্ধ কৰি দিয়াৰ বাবেই ফলাফল ঘোষণাত পলম হোৱা বুলি জানিব পৰা গৈছে ৷

সেয়েহে নিৰ্বাচনী আয়োগে পুনৰ ভোট গণনা অনুষ্ঠিত কৰি ফলাফল নতুনকৈ ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

ABOUT THE AUTHOR

...view details