অসম

assam

ETV Bharat / bharat

নিপকো বিস্ফোৰণঃ প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ - against big dam

উত্তৰ-পূৰ্বাঞ্চলত নিৰ্মাণৰত প্ৰতিটো বৃহৎ নদীবান্দৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সমুজ্জল ভট্টাচাৰ্যৰ ৷ নিপকো বিস্ফোৰণ সন্দৰ্ভত পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰ আৰু নিপকো' কৰ্তৃপক্ষক দোষাৰোপ কৰে আছু নেতা গৰাকীয়ে ৷

সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ ফাইল ফটো

By

Published : Oct 19, 2019, 6:18 PM IST

নিউজ ডেস্ক, 19 অক্টোবৰঃবিগত 9 অক্টোবৰত ডিমা হাছাও জিলাৰ নিপকো জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হয় এক ভয়াৱহ জল বিস্ফোৰণ ৷ জল বিদ্যুৎ প্ৰকল্পটোত সংঘটিত এই বিস্ফোৰণৰ ফলত সন্ধানহীন হয় চাৰিগৰাকীকৈ কৰ্মচাৰী ৷ কিন্তু সন্ধাহীন চাৰিগৰাকী কৰ্মচাৰী এইপৰ্যন্ত কোনো খবৰ লাভ কৰা নাই নিপকো কৰ্তৃপক্ষই ৷ ইয়াৰ পাচতেই সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উত্তৰ-পূৰ্বাঞ্চলত নিৰ্মাণৰত প্ৰতিটো প্ৰকল্পৰ বিৰুদ্ধে বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে নেছ'ৰ উপদষ্টা তথা সদৌ অসম ছাত্ৰ সন্থাৰ নেতা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷

সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া

নতুন দিল্লীত ই টি ভি ভাৰতৰ সৈতে হোৱা সাক্ষাতকাৰত আছুৰ উপদেষ্টা গৰাকীয়ে কয় যে,অৰুণাচল প্ৰদেশত কেন্দ্ৰীয় চৰকাৰে প্ৰায় 168 নদীবান্ধ নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷ আমি উন্নয়নৰ পৰিপন্থী নহয়,কিন্তু শক্তি উৎপাদনৰ বাবদ আমি আমাৰ জনসাধাৰণক বিপদলৈ ঠেলি দিব নোৱাৰে ৷ অৰুণাচলত প্ৰস্তাৱিত 168 টা নদীবান্ধ সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক বিশদভাৱে অধ্যয়ন কৰাৰ আহ্বান জনাই আছুৰ উপদেষ্টাগৰাকীয়ে ৷ নিপকো বিস্ফোৰণ সন্দৰ্ভত পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰ আৰু নিপকো কৰ্তৃপক্ষক দোষাৰোপ কৰে আছু নেতা গৰাকীয়ে ৷ নিপকো বিস্ফোৰণৰ ফলত যদিহে ইমান ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে,তেন্তে 2000 মেগাৱাট সম্পন্ন নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কিমান ভয়াৱহ হ'ব ! সেয়ে আমি ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰি আহিছো বুলিও মন্তব্য কৰে আছু উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷

ইপিনে,নিপকো কতৃপক্ষই ঘটনা সন্দৰ্ভত কয় যে,শনিবাৰে নিপকোৰ উদ্ধাৰকাৰী দলে উমাৰাংছু শক্তিখণ্ডৰ চুতৰ্থ মহলালৈ অভিযান চলায় ৷ ইতিমধ্যে বাকী তিনিওটা মহলাৰ অভিযান সম্পূৰ্ণ হৈছে ৷ শনিবাৰৰ ভিতৰত সন্ধানহীন আটাইকেইগৰাকী কৰ্মচাৰীৰ সন্ধান লাভ কৰিব পাৰিব বুলি আশা কৰিছে নিপকো' কতৃপক্ষই ৷ উল্লেখ্য যে,সন্ধানহীন কৰ্মচাৰীক উদ্ধাৰৰ বাবে NDRF আৰু SDRF যুটিয়াভাৱে চলাইছে উদ্ধাৰ অভিযান ৷

ABOUT THE AUTHOR

...view details