অসম

assam

কৰ’ণা ভাইৰাছ ৰোগীৰ গতিবিধি লক্ষ্য কৰিবলৈ ‘আৰোগ্য সেঁতু’ ম'বাইল এপ

By

Published : Apr 7, 2020, 11:16 AM IST

আৰোগ্য সেঁতু নামৰ এপযোগে কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ অৱস্থিতি সম্পৰ্কে জানিব পৰা যায় । জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি আৰু উৰা বাতৰিৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে । এই এপটো বাৰটা ভাষাত উপলব্ধ ।

Aarogya Setu mobile app to track Coronavirus patients
Aarogya Setu mobile app to track Coronavirus patients

নিউজ ডেস্ক, 7 এপ্ৰিলঃ ভাৰত চৰকাৰে অলপতে ‘আৰোগ্য সেঁতু’ নামৰ এক ম'বাইল এপ্লিকেশ্বন মুকলি কৰিছে । এই বিশেষ এপটোৱে এজন লোকক কৰ’ণা ভাইৰাছত আক্ৰান্ত হ’ব পৰা সম্ভাৱনা সম্পৰ্কে জানিবলৈ দিয়ে । নভেল কৰ’ণা ভাইৰাছ বা COVID-১৯এ বিশ্বজুৰি এতিয়ালৈকে কেইবা হাজাৰো লোকৰ প্ৰাণ কাঢ়িছে আৰু তিনি মাহতে আক্ৰান্তৰ সংখ্যা মিলিয়ন পাৰ কৰিছে ।

ভাৰতত প্ৰথমজন কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগী ধৰা পৰাৰ পাচৰে পৰা এতিয়ালৈকে দ্ৰুত হাৰত বৃদ্ধি পাই আক্ৰান্তৰ সংখ্যা চাৰি হাজাৰ আৰু মৃত্যুৰ সংখ্যাই এশ পাৰ কৰিছে ।

এনড্ৰইড আৰু আই অ’ এছ দুয়োধৰণৰ ফোনতে চলা আৰোগ্য সেঁতু নামৰ এই ট্ৰেকিং এপটোৱে জিপিএছ, কৃত্ৰিম বুদ্ধিমত্তা আৰু আন এলগৰিথম ব্যৱহাৰ কৰি কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ অৱস্থিতি জানিবলৈ দিয়ে ।

স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে এপটো ম’বাইলত ইনষ্টল কৰাৰ লগে লগে নিকটৱৰ্তী আৰোগ্য এপ থকা আন ম’বাইলৰ অৱস্থিতি ধৰা পেলায় । জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি আৰু উৰা বাতৰিৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে । কেন্দ্ৰীয় ইলেকট্ৰ'নিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰই প্ৰস্তুত কৰা এপটোৱে চৰকাৰক, সংক্ৰমণৰ পৰ্যায় মূল্যায়ন কৰি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাত সহায় কৰে ।

ডাটা এনক্ৰাইপশ্বন নিশ্চিত কৰি এই এপটোৱে আপোনাৰ স্থান আৰু সংক্ৰমিত অঞ্চলৰ তথ্য সংগ্ৰহ কৰে । সংক্ৰমিত অঞ্চলৰ ছয় মিটাৰৰ ভিতৰত আপুনি আছে নে নাই সেয়া চাবলৈ এই এপটোক সক্ৰিয় ব্লুটুথ ব্যৱস্থাৰ প্ৰয়োজন ।

আৰোগ্য সেঁতু এপ বাৰটা ভাষাত উপলব্ধ । ডাউনলোড কৰাৰ পাচত ইয়াত মোবাইল নম্বৰেৰে পঞ্জীয়ন কৰিব লাগে । পৰৱৰ্তী পৰ্যায়ত এপটোৱে স্বাস্থ্য আৰু অন্যান্য তথ্য প্ৰদানৰ অপশ্বন দিয়ে । ট্ৰেকিং কৰিবলৈ ব্যৱহাৰকাৰীয়ে ব্লুটুথ আৰু লোকেশ্বন অন কৰিব লাগে ।

এপটোত শ্বটবট নামৰ আন এক সুবিধা আছে যিয়ে এজন লোকৰ ক’ভিড-১৯ৰ লক্ষণসমূহৰ লগত জড়িত এলানি প্ৰশ্নৰ উত্তৰ দিয়াৰ পাচত তেওঁৰ ক’ভিড-১৯ ৰ অৱস্থাৰ বিষয়ে জনায় । এই এপটোৱে স্বাস্থ্য মন্ত্ৰালয়ৰ ঘোষণাসমূহৰ লগতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত সক্ৰিয় হৈ থকা হেল্পলাইন নম্বৰসমূহ প্ৰদান কৰে ।

ভাৰতবৰ্ষৰ কৰ’ণা বিৰোধী যুঁজত প্ৰতিজন লোকে ভাগ ল’ব লাগে । এই ক্ষেত্ৰত প্ৰতিৰোধেই একমাত্ৰ উপায় । কাৰণ প্ৰতিষেধক এতিয়াও আৱিষ্কাৰ হোৱা নাই ।

লগতে পঢ়কঃকেম্পাছ প্লেচমেন্টৰ দ্বাৰা নিৰ্বাচিত নিয়োগ বন্ধ নকৰিবলৈ আহ্বান মানৱ সম্পদ মন্ত্ৰালয়ৰ

ABOUT THE AUTHOR

...view details