নিউজ ডেস্ক , 13 আগষ্টঃ সামাজিক মাধ্যমত অপমানসূচক মন্তব্য কৰি দলৰ পৰা বহিস্কৃত হ’ল আম আদমি পাৰ্টিৰ প্ৰাক্তন বিধায়ক জাৰ্ণেইল সিং ৷ হিন্দু দেৱতাক কঠোৰভাৱে সমালোচনা তথা তাচ্চিল্য কৰি সামাজিক মাধ্যমত কৰা এটা মন্তব্যৰ বাবেই এই দলীয় শাস্তিৰ সন্মুখীন হ’ব লগা হয় নেতাগৰাকী ৷ প্ৰাক্তন বিধায়কগৰাকীয়ে পাছত তেখেতৰ পোষ্টটো সামাজিক মাধ্যমৰ পৰা ডিলিট কৰে যদিও ইতিমধ্যে ভাইৰেল হোৱা পোষ্টটোৰ বাবে দলটোৰ শীৰ্ষ নেতৃত্বই এই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে ৷
পাঞ্জাৱৰ আম আদমি পাৰ্টিৰ তত্বাবধায়কে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে যে, তেখেতে যি মন্তব্য কৰিলে সেয়া ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰা আম আদমি পাৰ্টিৰ বাবে সঁচাই মৰ্যদা হানিকৰ ৷ কেৱল এয়ে নহয়, ই গুৰু নানক তথা শিখসকলৰ আদৰ্শৰ পৰিপন্থী ৷