অসম

assam

ETV Bharat / bharat

বিজেপিৰ কেলেংকাৰীৰ বিৰুদ্ধে সদনত আপৰ প্ৰতিবাদ - ৰাম নিৱাস গোৱেল

আপৰ বিধায়কসকলে কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত সদনৰ ভিতৰত প্ৰতিবাদ অব্যাহত ৰখাত অধ্যক্ষৰ ৰাম নিৱাস গোৱেলে ১৫ মিনিটৰ বাবে সদনৰ কাম স্থগিত ৰাখে ।

বিজেপিৰ কেলেংকাৰীৰ বিৰুদ্ধে সদনত আপৰ প্ৰতিবাদ
AAP alleged BJP for Rs 2,500 cr 'scam' in municipal corporations

By

Published : Dec 18, 2020, 6:44 PM IST

Updated : Dec 18, 2020, 7:22 PM IST

নতুন দিল্লী, ১৮ ডিচেম্বৰ :শুকুৰবাৰে দিল্লী বিধানসভাৰ বিশেষ অধিবেশনৰ দ্বিতীয় দিনা সদনত আপৰ বিধায়কসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । আপৰ বিধায়কসকলে বিজেপি শাসিত পৌৰ নিগমসমূহত ২,৫০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ইয়াৰ চিবিআই তদন্তৰ দাবী জনায় । সদনৰ কাম আৰম্ভ হোৱাৰ লগে লগে আপৰ বিধায়কসকলে বিধানসভাৰ মাজত আহি বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

দলটোৰ বিধায়কসকলে পৌৰ নিগমসমূহত সংঘটিত ২,৫০০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ কৰি সদনৰ ভিতৰত এখন বৃহৎ বেনাৰো প্ৰদৰ্শন কৰে ।আপৰ বিধায়কসকলে কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত সদনৰ ভিতৰত প্ৰতিবাদ অব্যাহত ৰখাত অধ্যক্ষৰ ৰাম নিৱাস গোৱেলে ১৫ মিনিটৰ বাবে সদনৰ কাম স্থগিত ৰাখে ।

লগতে চাওকঃ কৃষকৰ হুমুনিয়াহত পৰিণত সহস্ৰ বিঘা কৃষিভূমি

Last Updated : Dec 18, 2020, 7:22 PM IST

ABOUT THE AUTHOR

...view details