একিউত এনকেফেলাইটিছ চিণ্ড্ৰমৰ বিষয়ে এতিয়াও অজ্ঞাত বিহাৰৰ এখন গাওঁ!! - মুজ্জফৰপুৰ
পশ্চিম চাম্পাৰম জিলাৰ চৈনপুৰ গাওঁত একিউত এনকেফেলাইটিছ চিণ্ড্ৰমৰ বিষয়ে এতিয়াও অজ্ঞাত গঞা ৷
![একিউত এনকেফেলাইটিছ চিণ্ড্ৰমৰ বিষয়ে এতিয়াও অজ্ঞাত বিহাৰৰ এখন গাওঁ!!](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3634769-thumbnail-3x2-aes.jpeg)
নিউজ ডেস্ক, 22 জুন: 'একিউত এনকেফেলাইটিছ চিণ্ড্ৰম'ত বিহাৰৰ মুজ্জফৰপুৰ আৰু উপকণ্ঠ জিলাসমূহত 173 গৰাকী লোকৰ মৃত্যু হোৱাৰ পিছতো পশ্চিম চাম্পাৰণ জিলাৰ চৈনপুৰ গাওঁত এই ৰোগৰ বিষয়ে এতিয়াও অজ্ঞাত গঞা ৰাইজ ৷ এগৰাকী গঞাই জানিবলৈ দিয়ে যে, এই পৰ্যন্ত কোন স্বাস্থ্য বিভাগৰ লোকে গাওঁখনলৈ আহি কোনো ধৰণৰ সজাগতা বিয়পাবলৈ চেষ্টা কৰা নাই ৷
জুনৰ 15 তাৰিখে গাৱঁৰে ভাগীৰথী শ্বাহ নামৰ এগৰাকীৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় যাৰ ফলত গাওঁবাসী সকলৰ মাজত এক হাহাকাৰ পৰিস্থিৰ সৃষ্টি হয় যদিও কি কাৰণত ছোৱালীজনীৰ মৃত্যু হল সেই সম্বন্ধে অজ্ঞাত গাওঁবাসী ৷