অসম

assam

ETV Bharat / bharat

ভাৰতৰ ধাৰণাৰ ওপৰত জনাদেশঃ দিল্লী নিৰ্বাচন, ২০২০ৰ তাৎপৰ্য - JNU CONFLICT ETV REPORT

১১ ফেব্ৰুৱাৰীত যি জনাদেশ ওলাব ইয়াৰ একাধিক ৰাষ্ট্ৰীয় তাৎপৰ্য থাকিব। প্ৰথমে দেশত ৰাজনৈতিক দলসমূহে ব্যৱহাৰ কৰা ৰাজনৈতিক পৰিভাষাৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব। এই জনাদেশে নাগৰিকৰ ভোটদানৰ প্ৰাধান্যৰ প্ৰমাণ কৰিব-পৰিচয়ে উন্নয়নক চেৰ পেলায় নে আন বিষয়বোৰে ? ইয়াৰ উপৰি পৰিচয় আৰু উন্নয়নৰ ধাৰণাটো একেবাৰে পৰিস্থিতিকেন্দ্ৰিক নে ভোটাৰৰ বাবে ই ভিন্ন সময়ত ভিন্ন পৰিস্থিতিত ভিন্ন বিষয় তাৰো ই ইংগিত বহন কৰিব।

ভাৰতৰ ধাৰণাৰ ওপৰত জনাদেশঃ দিল্লী নিৰ্বাচন, ২০২০ৰ তাৎপৰ্য
ভাৰতৰ ধাৰণাৰ ওপৰত জনাদেশঃ দিল্লী নিৰ্বাচন, ২০২০ৰ তাৎপৰ্য

By

Published : Feb 6, 2020, 10:57 AM IST

Updated : Feb 6, 2020, 11:28 AM IST

“পৃথিৱীখন এক শৰীৰ,দিল্লী ইয়াৰ আত্মা”, মিৰ্জা গালিবে যেতিয়া এই যুগজয়ী শাৰী লিখিছিল তেতিয়া তেওঁ স্থান হিচাপে দিল্লীৰ ধৰণ আৰু তেওঁ কৰা কল্পনা তাৎপৰ্য পূৰণ হৈ ৰ’ব । দিল্লী বিধানসভাৰ আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দেশৰ দৃষ্টি নিবদ্ধ হৈ ৰৈছে দিল্লীৰ ওপৰত। ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু দিল্লীৰ মাজমজিয়াত অপ্ৰত্যাশিত সামাজিক-ৰাজনৈতিক অস্থিৰ পৰিস্থিতিৰ মাজত ৭০ জনীয়া দিল্লী বিধানসভাৰ বাবে ৮ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব। নাগৰিকত্বক লৈ সৃষ্টি হোৱা বিতৰ্কই ৰাইজক ৰাজপথলৈ লৈ আহিছে। একে সময়তে দীৰ্ঘ সময়ৰ বাবে দেশৰ অৰ্থনীতিত মন্দাৱস্থাই বিৰাজ কৰিছে । যদিও দিল্লী নিৰ্বাচনক স্থানীয় হিচাপে প্ৰক্ষেপ কৰা হৈছে,অনিবাৰ্যভাৱে এনেবোৰ বিষয়ৰ দ্বাৰা পৰিচালিত হৈছে আৰু ইয়াৰ জনাদেশক দেশখনে সন্মুখীন হৈ অহা এনে কিছু জটিলতাৰ প্ৰতিফলন হিচাপে চোৱা যাব ।

দিল্লী নিৰ্বাচন, ২০২০ৰ তাৎপৰ্য

কিয় দিল্লী গুৰুত্বপূৰ্ণ আৰু এই সময়ত অধিক গুৰুত্বপূৰ্ণ ?

দেশৰ ৰাজনীতিৰ কেন্দ্ৰ হিচাপে আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে নৈকত্যৰ ফলত সৃষ্ট কিছু অ-সমানুপাতিক ৰাজনৈতিক গুৰুত্বৰ বাবে দিল্লীৰ নিৰ্বাচনৰ সদা এক প্ৰতীকাত্মক গুৰুত্ব আছে । কিন্তু এইবাৰ দিল্লীৰ নিৰ্বাচন প্ৰতীকবাদতকৈ ঊৰ্ধত । কিয়নো ই দেশৰ ভোটিং আচৰণৰ পৰীক্ষা কৰিব, দ্বিতীয়তে ই এক ধৰণৰ বিকল্প ৰাজনীতিৰ কাৰ্যকৰিতাক নিৰ্দ্ধাৰণ কৰিব আৰু সৰ্বশেষত ই ভাৰতত যুক্তৰাষ্ট্ৰবাদৰ ভৱিষ্যত সন্দৰ্ভতো মতামত দিব । দিল্লীৰ ভোটাৰসকলে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নিৰ্বাচনৰ মাজত পাৰ্থক্য বিচাৰি লয় বুলি কোৱা হয়। নিৰ্বাচনৰ প্ৰকাৰ অনুসৰি ভোটাৰসকলৰ প্ৰাধান্য ভিন্ন ভিন্ন হয়। ইয়াৰ অৰ্থ এয়ে যে দিল্লীৰ ভোটাৰসকলে স্থানীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ইছ্যুবোৰ ভাগ কৰে। আম আদমি পাৰ্টীয়ে যিহেতু স্থানীয় পৰ্যায়ৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে এয়া তেওঁলোকৰ অনুকূলে বুলি ধৰি ল’ব পাৰি। ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰত ইয়াৰ প্ৰদৰ্শনক জোৰ দি আৰু কেন্দ্ৰৰ কাম কাজৰ সঁহাৰি হিচাপে ৰাইজৰ পৰা ভোট বিচাৰি প্ৰচাৰত গুৰুত্ব দিছে। কেন্দ্ৰৰ জনাদেশৰ লগত সামঞ্জস্য ৰাখিলেহে দিল্লীৰ প্ৰয়োজন আৰু সমস্যাসমূহ সমাধান কৰিব পাৰিব বুলি বিজেপিয়ে দিল্লীৰ ভোটাৰসকলক কৈছে । অৰবিন্দ কেজৰিৱালে যিহেতু দিল্লীত বিগত দিনত কৰা কামবোৰৰ খতিয়ানৰ ওপৰত অবিৰত গুৰুত্ব দিয়াৰ চেষ্টা কৰিছে বিজেপিয়ে দিল্লীক বিশাল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতহে প্ৰক্ষেপ কৰাৰ চেষ্টা চলাইছে য’ত আপ আৰু কংগ্ৰেছ দলক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে আপোচ কৰা বুলি কোৱা হৈছে।

দিল্লীত কোনে গঠন কৰিব চৰকাৰ ?

পৰিচয়ৰ ৰাজনীতি নহয়, কেৱল বিকাশৰহেঃ এক বিকল্প ৰাজনীতিৰ বাবে প্ৰত্যাহ্বান

নিৰ্বাচনী ৰাজনীতি মূলতঃ নম্বৰৰ খেলহে আৰু এনেদৰে শ্ৰেণী বা ইয়াৰ কোনো আহ্বানে প্ৰভাৱ পেলায়। বিকাশ বা উন্নয়ন এনে এক যাদুকৰী শব্দ যিয়ে সকলো শ্ৰেণীকে এক কৰিব পাৰে আৰু পৰিচয়কেন্দ্ৰিক বিভাজনক নাইকিয়া কৰিব পাৰে। “গৰিবী হাটাও”, “সবকা সাথ সবকা বিকাশ”আদি সমদলৰ শ্ল’গানে দৃষ্টি আৰু কৌশলক প্ৰতিনিধিত্ব কৰে। আমি পাহৰা উচিত নহ’ব যে ভাৰতীয় ৰাজনীতিৰ এক সম্পৰীক্ষামূলক অধ্যায়ৰ জৰিয়তে আপৰ জন্ম হৈছিল । তেতিয়া ৰাজনীতিত প্ৰৱেশত বাধা প্ৰদান কৰা তিনিটা প্ৰতিবন্ধকতা দূৰ কৰাৰ বাবে ভাৰতৰ নাগৰিক সমাজৰ এটা অংশই চেষ্টা চলাইছিল। এই তিনিটা প্ৰতিবন্ধকতা হৈছে-ধন,বাহুবল আৰু পৰিয়ালৰ সংযোগৰ মাধ্যম। ২০১০ চনত নৱগঠিত দলটোৰ অভূতপূৰ্ব বিজয়ে ধন কেন্দ্ৰিকতাৰ পৰা দায়িত্ব কেন্দ্ৰিকতালৈ ভাৰতৰ ৰাজনীতিৰ পৰিভাষা সলাই পেলায় । সেৱা প্ৰদান কৰাৰ ওপৰত নিৰ্ভৰ কৰিয়েই এই ৰাজনীতিৰ পোষকতা কৰা হৈছিল । এয়া কিমান দূৰ সফল হৈছে বা হোৱা নাই সেয়া বিচাৰ্য যদিও এই ধৰণৰ ৰাজনীতিয়ে খেল পৰিৱৰ্তনকাৰী হিচাপে কাম কৰিছে । গুৰুত্বপৰ্ণ কথাটো হ’ল বিভিন্ন উন্নয়নমূলক কামৰ জৰিয়তে আপে সফলতাৰে এক সামাজিক গোটবন্ধন সৃষ্টি কৰিছে, সমাজৰ বিভিন্ন শ্ৰেণীক লৈ এক ৰামধেনু গোটবন্ধন সৃষ্টি কৰিছে । এই গোটবন্ধন সাধাৰণতে ৰাজনৈতিক দলসমূহে অৱলম্বন কৰা পৃষ্ঠপোষকতাকেন্দ্ৰিক জনপ্ৰিয় নীতিতকৈ ঊৰ্ধত । ভোটদানৰ তিনিটা স্পষ্ট ব্যাখ্যাৰ দ্বাৰা সমাজ বিজ্ঞানী অমিত আহুজা আৰু প্ৰদীপ চিবাৰে তিনিটা স্পষ্ট সামাজিক গোট চিনাক্ত কৰিছে । যিসকল সমাজ-অৰ্থনীতিৰ ব্যৱস্থাৰ একেবাৰে তলৰ পৰ্যায়ত অৱস্থান কৰে সেই গোটটোৱে ভোটদানক এক অধিকাৰ হিচাপে গ্ৰহণ কৰে, ৰাজ্যৰ সম্পদসমূহ লাভ কৰাৰ মধ্যম হিচাপে মধ্যম শ্ৰেণীটোৱে গ্ৰহণ কৰে আৰু সকলোতকৈ শীৰ্ষত থকা গোটটোৱে এয়া এক পৌৰ অধিকাৰ বুলি ভাৱে । প্ৰশ্ন হ’ল এই তিনিটা ভোটদানৰ ধৰণক জড়িত কৰাই আপে কিমান দূৰ সঠিক নিৰ্বাচনী হিচাপ-নিকাচ চলাই যাব পাৰিব ? দিল্লীত হাস্পতাল, বিদ্যালয়,পানী আৰু বিদ্যুৎ যোগানৰ ক্ষেত্ৰত পূৰ্বে দেখুওৱা সফলতাৰ ভিত্তিত আপে পুন ৰ্নিবাচিত হ’ব বিচাৰিছে। দেশ তথা মূলতঃ দিল্লীত হোৱা পৰিচয়ৰ মেৰুকৰণৰ পৰা এই বিষয়সমূহ তেওঁলোকে পৃথকে ৰাখিবলৈ সক্ষম হ'বনে?

শ্বাহীন বাগ, জে এন ইউ, জামিয়াঃ কেন্দ্ৰীয়কৰণৰ প্ৰত্যাৱৰ্তনৰ প্ৰস্তুতি নেকি?

ৰাষ্ট্ৰীয় পৰ্যায়ত অপ্ৰত্যাশিত ৰাজনৈতিক অস্থিৰতাৰ মাজত এইবাৰ দিল্লী বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে । জে এন ইউত মাচুল বৃদ্ধিৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ পৰা কা-এন আৰ চিৰ বিৰুদ্ধে শ্বাহীন বাগত হোৱা বিক্ষোভৰ অভিকেন্দ্ৰ দিল্লী বা ইয়াৰ আশে-পাশে । কা, এন আৰ চি বা টুকৰে টুকৰে গেঙৰ দৰে বিতৰ্কিত বিষয়বোৰৰ পৰা আপে যিমানেই দূৰত্বত অৱস্থান কৰিবলৈ চেষ্টা কৰিছে সিমানেই বিজেপিয়ে এইবোৰ ৰাজ্যিক নিৰ্বাচনৰ মূল বিষয় হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাইছে । আপৰ পূৰ্বৰ কামকেন্দ্ৰিক প্ৰচাৰৰ বিপৰীতে বিজেপিয়ে কা-এন আৰ চিৰ প্ৰতিবাদক সমৰ্থন কৰা বা মুকলিভাৱে গৰিহণা নিদিয়া দলসমূহক দেশবিৰোধী হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । কা-এন আৰ চিৰ দৰে নীতিক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজত সোমাই পৰিবলৈ অস্বীকাৰ কৰি আপে বিজেপিয়ে উন্নয়নৰ ক্ষেত্ৰত দেখুওৱা বিফলতাৰ বাবে ৰাইজৰ মনোযোগ আনফালে ঢাল খুৱাবলৈ এই উপায় অৱলম্বন কৰা বুলি অভিযোগ উত্থাপন কৰিছে । কিন্তু আপৰ বাবে এয়া কেৱল নিৰ্বাচনী ৰণকৌশলেইনে ? দেশখনক ভাগ কৰা কিছুসংখ্যক স্পৰ্শকাতৰ বিষয় যেনে ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ,বালাকোটৰ এয়াৰ ষ্ট্ৰাইক, শেহতীয়া ঘটনা যেনে জে এন ইউত আক্ৰমণ আৰু শ্বাহীন বাগত প্ৰতিবাদ আদিৰ প্ৰতি যদি কোনোবাই দৃষ্টি নিক্ষেপ কৰে তেন্তে দেখিব যে আপে কেন্দ্ৰীয় এক স্থিতি লৈছে । বিজেপিৰ আগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদ আৰু বাওঁ দলসমূহে কৰা ইয়াৰ চোকা সমালোচনাৰ মাজত এক ব্যৱধান সৃষ্টি কৰি আপে কংগ্ৰেছৰ পতনৰ ফলত ভাৰতীয় ৰাজনীতিত সৃষ্টি হোৱা শূন্যতা দূৰ কৰাৰ বাবে চেষ্টা চলাইছে । আমোদজনকভাৱে বিগত কিছু বছৰৰ দিল্লীৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ভোটৰ হাৰৰ ক্ষেত্ৰত (বিগত চাৰিটা নিৰ্বাচনৰ আটাইকেইটাতে ৩০-৩৫ শতাংশ) এক সুস্থিৰতা লাভ কৰিছে যদিও কংগ্ৰেছৰ নাটকীয় পতন ঘটিছে। ২০০৩ চনত ইয়াৰ ভোটৰ অংশ ৪৮.১ শতাংশ থকাৰ পাছত ২০১৫ চনত ৯.৮ শতাংশলৈকে নামে । দলটোৰ বহুসংখ্যক তাৰকা নেতাৰ অনুপস্থিতিত কংগ্ৰেছে চলোৱা নিস্তেজ প্ৰচাৰৰ বাবে এইবাৰো আপৰ মোনাতেই দলটোৰ ভোটৰ অংশ নাইকিয়া হৈ যোৱাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰি বিজেপিয়ে আৰম্ভ কৰা ধৰ্মীয় মেৰুকৰণৰ পৰিৱেশৰ ফলত দিল্লীৰ সংখ্যালঘুসকলক আপৰ কাষ চাপিবলৈ সিদ্ধান্ত লোৱাত সহায় কৰিব কিয়নো কংগ্ৰেছৰ দুৰ্বল প্ৰচাৰৰ বাবে ই প্ৰায় যুদ্ধক্ষেত্ৰত অনুপস্থিতিৰ দৰেই ।

জনাদেশৰ বহুস্তৰীয় তাৎপৰ্যঃ

১১ ফেব্ৰুৱাৰীত যি জনাদেশ ওলাব ইয়াৰ একাধিক ৰাষ্ট্ৰীয় তাৎপৰ্য থাকিব। প্ৰথমে দেশত ৰাজনৈতিক দলসমূহে ব্যৱহাৰ কৰা ৰাজনৈতিক পৰিভাষাৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব। এই জনাদেশে নাগৰিকৰ ভোটদানৰ প্ৰাধান্যৰ প্ৰমাণ কৰিব-পৰিচয়ে উন্নয়নক চেৰ পেলায় নে আন বিষয়বোৰে ? ইয়াৰ উপৰি পৰিচয় আৰু উন্নয়নৰ ধাৰণাটো একেবাৰে পৰিস্থিতিকেন্দ্ৰিক নে ভোটাৰৰ বাবে ই ভিন্ন সময়ত ভিন্ন পৰিস্থিতিত ভিন্ন বিষয় তাৰো ই ইংগিত বহন কৰিব। ‘প্ৰধানমন্ত্ৰীৰ বাবে মোদী,মুখ্যমন্ত্ৰীৰ বাবে কেজৰিৱাল’ আহ্বানটো দিল্লীৰ বহু ভোটাৰৰ বাবে শেহতীয়া সময়লৈকে অৰ্থপূৰ্ণ আছিল । একে সময়তে এই জনাদেশষে দেশত যুক্তৰাষ্ট্ৰবাদৰ ভৱিষ্যতৰ অৱস্থাকো প্ৰতিফলিত কৰিব । বিজেপিৰ ৰূপত(স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ প্ৰথমছোৱাত কংগ্ৰেছৰ দৰে) এক দলীয় আধিপত্য ব্যৱস্থাৰ প্ৰত্যাৱৰ্তনৰ সময়ত অনা-বিজেপি শক্তিশালী দলৰ উত্থান চাবলগীয়া বিষয় হিচাপে পৰিগণিত হ’ব। বিশেষকৈ যেতিয়া শক্তিশালী কাৰ্যকৰী ব্যক্তিত্বৰ মাজত (মোডী বনাম কেজৰিৱাল, শ্বাহ বনাম কেজৰিৱাল) প্ৰতিদ্বন্দিতা হয়, জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ ধাৰাবাহিক নিৰ্বাচনে অত্যধিক কেন্দ্ৰীয় ৰাজনীতিতকৈ স্থানীয় আৰু আঞ্চলিক ৰাজনীতিৰ প্ৰতি ভোটাৰৰ পছন্দকে প্ৰতীয়মান কৰে । দিল্লীয়ে কিদৰে ভোটদান কৰে সেয়া ভাৰতবৰ্ষই চকু দিব ।

লেখক- ড০ কৌস্তুভ ডেকা

লগতে চাওকঃনিৰ্ভয়া কাণ্ড : উচ্চ ন্যায়ালয়ৰ ৰায়দানক প্ৰত্যাহ্বান কেন্দ্ৰীয় চৰকাৰৰ

`

Last Updated : Feb 6, 2020, 11:28 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details