জোনাই, ১৫ জুন :কোভিড-১৯ ৰ সন্ত্ৰাস চলি থকাৰ মাজতে বিশ্বৰ মৎস্যকুলৰ তালিকাত সন্নিৱিষ্ট হ’ল আন এবিধ নতুন প্ৰজাতিৰ মাছ ৷ উত্তৰ-পূৱৰ সূৰ্য উঠা দেশ অৰুণাচলত এবিধ নতুন প্ৰজাতিৰ মাছৰ সন্ধান লাভ কৰিছে এগৰাকী গৱেষকে ৷ অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চিকু আৰু চিৰাম নদীৰ বুকুত ‘চিজ’থৰাক্স’ প্ৰজাতিৰ মাছবিধক উদ্ধাৰ কৰিছে পাচিঘাটৰ জৱহৰলাল নেহেৰু মহাবিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ কেশৱ কুমাৰ ঝাই ৷ চুইজাৰলেণ্ডৰ পৰিৱেশ প্ৰকৃতি সন্থা চমুকৈ আই ইউ চি এনৰো সদস্য ডঃ ঝাই নতুনকৈ আৱিস্কাৰ কৰা মাছবিধক নামাকৰণ কৰিছে “Schizothoraxsikusirumensis” হিচাপে ।
আনহাতে, মাছবিধক ভাজকলাৰ আচৰণৰ ভিত্তিত চিনাক্ত কৰা বুলি প্ৰকাশ কৰিছে গৱেষক ডঃ ঝাই ৷ পাচিঘাট জৱহৰলাল নেহেৰু মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ জাৰ্মপ্লাজম এক্সপ্ল’ৰেচনছ ৰিচাৰ্জ লেব’ৰটৰীত আৱিস্কাৰ কৰা মাছবিধক JNট্ৰ/দ্বOO-FM/SR/২৭.ৰ নম্বৰৰ তালিকাত অন্তভূৰ্ক্ত কৰিছে ৷ লগতে, এই মাছবিধৰ সম্পৰ্কত ‘জাৰ্নেল অৱ গ্ল’বেল বায়’চায়েন্স’ নামৰ গৱেষণা পত্ৰত উল্লেখ কৰা হৈছে ৷