অসম

assam

ETV Bharat / bharat

বায়ুসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত !

চিকিমত বায়ুসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত ৷ হেলিকপ্টাৰখনত আছিল 6 জন লোক ৷ নিৰাপদে আছে আটাইকেইজন ৷

A Mi-17 Helicopter of IAF was on routine air maintenance sortie
A Mi-17 Helicopter of IAF was on routine air maintenance sortie

By

Published : May 7, 2020, 1:03 PM IST

ভাৰতীয় বায়ুসেনাৰ এখন MI-17 হেলিকপ্টাৰ চাটেনৰ পৰা চিকিমৰ মুকুটাঙলৈ নিয়মীয়া পৰীক্ষণৰ বাবে উৰা মাৰিছিল ৷ হেলিকপ্টাৰ খনে পুৱা 6.45 বজাত উৰণ আৰম্ভ কৰে যদিও গন্তব্যস্থান পোৱাৰ আগতেই প্ৰতিকূল বতৰৰ বাবে জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলগীয়া হয় ৷

ইয়াৰ ফলত হেলিকপ্টাৰখন ক্ষতিগ্ৰস্ত হয় যদিও, 6 জনকৈ আৰোহী ৰক্ষা পৰে ৷ অৱশ্যে এজন যাত্ৰী সামান্যভাৱে আহত হয় এই ঘটনাত ৷ আৰোহীসকলৰ ভিতৰত চাৰিজন ভাৰতীয় বায়ু সেনাৰ আৰু দুজন ভাৰতীয় স্থলসেনাৰ জোৱান বুলি জানিব পৰা গৈছে ৷

তেওঁলোকক উদ্ধাৰৰ বাবে দুখন হেলিকপ্টাৰ আৰু ভাৰতীয় সেনাৰ এটা দল ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ৷ দুৰ্ঘটনাৰ কাৰণ জানিবলৈ ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিয়া হৈছে ৷

লগতে পঢ়ক : এতিয়াৰে পৰা জোমেটোত উপলব্ধ হ'ব এলকহল !

ABOUT THE AUTHOR

...view details