আহমেদাবাদ,1 জানুৱাৰী:বছৰৰ অন্তিম দিনটোত আহমেদাবাদত সংঘটিত হৈছে এক হত্যা কাণ্ড ৷ ধনৰ বিনিময়ত এজন যুৱকক গুলিয়াই হত্যা কৰিলে দুৰ্বৃত্তই। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনা সম্পৰ্কত দুজন অভিযুক্তক আটক কৰিছে। আৰপন পাণ্ডে আৰু সুশীল সিং ঠাকুৰ নামৰ দুজন লোকক আটক কৰিছে আৰক্ষীয়ে ৷
বাস্ত্ৰাল অঞ্চলৰ ৰাধা চেম্বাৰত নিশা প্ৰায় ৮ বজাত জশ্ৱান্ত সিং ৰাজপুত নামৰ এজন যুৱকজনক গুলিয়াই হত্যা কৰে । ছয় ৰাউন্দ গুলীৰে থকাসৰকা কৰে যুৱকজনৰ শৰীৰ ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ থিতাতে প্ৰাণ হেৰুওৱা যুৱকজনৰ মৃত দেহ উদ্ধাৰ কৰে আৰু দুই অভিযুক্তক আটক কৰে আৰক্ষীয়ে ৷