অসম

assam

By

Published : Jan 30, 2020, 11:43 PM IST

ETV Bharat / bharat

উত্তৰ প্ৰদেশত 20 ৰো অধিক শিশুক পণবন্দী কৰিলে এগৰাকী লোকে

উত্তৰ প্ৰদেশৰ ফাৰুখাবাদত এগৰাকী লোকে জন্মদিন বুলি একাংশ শিশুক ঘৰলৈ নিমন্ত্ৰণ কৰি আনি এটা কোঠাত বন্দী কৰি থয় ৷ কেৱল ইয়াতেই ক্ষান্ত নাথাকি অভিযুক্তজনে গুলীচালনাও কৰে ৷ গুলীচালনাত কেইবাগৰাকীও লোক আহত হয় ৷

উত্তৰ প্ৰদেশ
উত্তৰ প্ৰদেশ

নেশ্য়নেল ডেস্ক, 30 জানুৱাৰীঃউত্তৰ প্ৰদেশৰ ফাৰুখাবাদৰ কোটৱালীত এগৰাকী ব্যক্তিয়ে 20ৰো অধিক শিশুক নিজৰ ঘৰত পণবন্দী কৰে ৷ অভিযুক্তজনে ঘৰৰ পৰা গুলীচালনাও কৰে ৷ সেই গুলীচালনাত এগৰাকী আৰক্ষীৰ লোক আহত হয় ৷ আহত আৰক্ষীৰ লোকগৰাকীয়ে জানিব দিয়া মতে, অভিযুক্তই 20-21 জন শিশুক বন্দী কৰে ৷ শিশু কেইটাক উদ্ধাৰ কৰিবলৈ লক্ষ্নৌৰ পৰা এ.টি.এছৰ দল আহে ৷ উল্লেখ্য যে, ঘৰটোৰ ভিতৰৰ পৰা মহিলাৰো চিঞৰ বাখৰ শুনিবলৈ পোৱা গৈছে ৷ কিন্তু অভিযুক্ত লোকজনে চিলিণ্ডাৰেৰে ঘৰটো ধ্বংস কৰি দিয়াৰ ভাবুকি প্ৰদান কৰে ৷

উত্তৰ প্ৰদেশত 20 ৰো অধিক শিশুক পণবন্দী কৰিলে এগৰাকী লোকে
উত্তৰ প্ৰদেশত 20 ৰো অধিক শিশুক পণবন্দী কৰিলে এগৰাকী লোকে

লোকজনে কৰা গুলীচালনাত গাঁওখনৰ স্থানীয় লোকো আহত হয় ৷ ঘটনাস্থলীত অধিক সংখ্যক আৰক্ষীৰ লোক উপস্থিত হয় ৷ উল্লেখ্য যে, মহম্মদাবাদৰ কোটৱালীৰ নিবাসী সুভাষ বাথমৰ জীয়ৰী গৌৰীৰ জন্মদিন উপলক্ষে স্থানীয় সকলো শিশুকে নিমন্ত্ৰণ জনায় ৷ জন্মদিন পালন কৰাৰ পিচত তেওঁ শিশুকেইটাক ঘৰৰ এটা কোঠাত বন্দী কৰি থয় ৷ তাৰ পৰৱৰ্তী সময়ত লোকদনে মদ্যপান কৰি ঘৰৰ চাদত উঠি চিঞৰি চিঞৰি কয় যে, আৰক্ষীয়ে যদি তেওঁৰ কৰায়ত্ব কৰিবলৈ আহে তেন্তে তাৰ পৰিণাম অতিকৈ ভয়াৱহ হ'ব ৷ ইয়াৰ পিচতে স্থানীয় লোকসকল একত্ৰিত হৈ আৰু আৰক্ষীক খবৰ দি ঘটনাস্থলীত উপস্থিত হয় ৷

সদ্যপ্ৰাপ্ত তথ্য অনুসৰি অভিযুক্ত গৰাকীয়ে 10 মহীয়া শিশু এটিক মুকলি কৰি দিয়ে ৷

ABOUT THE AUTHOR

...view details