নিউজ ডেস্ক,4 নৱেম্বৰঃঅযুত বাধা নেওচি উৰিষ্যাৰ এখন ভিতৰুৱা গাঁৱৰ যুৱক-যুৱতীয়ে দেখুৱাইছে মাতৃভূমিৰ প্ৰতি থকা অপাৰ ভালপোৱাৰ নিৰ্দশন ৷ যিসময়ত দেশৰ একাংশ যুৱক-যুৱতীয়ে সৈন্য বাহিনীত যোগদান কৰিবলৈ শংকা প্ৰকাশ কৰে তেনে এক সময়তে উৰিষ্যাৰ বালোচোৰ জিলাৰ অম্বাকুডুচী গাঁৱৰ যুৱক-যুৱতীসকলে দেশৰ বাবে প্ৰৰ্দশন কৰিছে উদ্যম আৰু অধ্যৱসায় ৷
মাতৃভূমিৰ প্ৰেমেৰে উদ্বুদ্ধ উৰিষ্যাৰ এচাম যুৱ প্ৰজন্ম - মাতৃভূমিৰ প্ৰেমেৰে উদ্বুদ্ধ উৰিষ্যাৰ এচাম যুৱ প্ৰজন্ম
দেশমাতৃৰ সেৱাৰ বাবে নিজৰ জীৱনকো উচৰ্গিত কৰিবলৈ সাজু উৰিষ্যাৰ এচাম যুৱ প্ৰজন্ম ৷ চাওক এই বিশেষ প্ৰতিবেদন-
গাৱঁখনৰ এচাম উদ্যমী যুৱক-যুৱতীয়ে গাঁৱখনৰ প্ৰত্যেকটো ঘৰৰ পৰা এজনকৈ হ'লেও লোকক সেনাবাহিনীত ভৰ্তি কৰাৰ সংকল্প লৈছে ৷ এনেদৰেই এতিয়া এই চাম যুৱ প্ৰজন্ম অন্যান্যসকলৰ বাবে হৃদয়ত দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰাৰ ক্ষেত্ৰত অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে ৷ গাৱঁখনৰ এচাম উদ্যমী যুৱক-যুৱতীয়ে গাঁৱখনৰ প্ৰত্যেকটো ঘৰৰ পৰা এজনকৈ হ'লেও লোকক সেনাবাহিনীত ভৰ্তি কৰাৰ সংকল্প লৈছে ৷ এনেদৰেই এতিয়া এই চাম যুৱ প্ৰজন্ম অন্যান্যসকলৰ বাবে হৃদয়ত দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰাৰ ক্ষেত্ৰত অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে ৷ ইতিমধ্যে গাঁৱখনৰ 15 জনকৈ যুৱকে সৈন্য বাহিনীত যোগদান কৰাৰ উপৰিও গাঁৱখনৰ অন্যান্য যুৱক-যুৱতীসকলক সৈন্যবাহিনীত নিয়োজিত হৈ দেশ মাতৃৰ সেৱাত ব্ৰতী হ'বলৈ পথ প্ৰদৰ্শন কৰিছে ৷
TAGGED:
Oddisha youth