অসম

assam

ETV Bharat / bharat

মানৱতাৰ নিদৰ্শনঃ 32 গৰাকী কাশ্মীৰী যুৱতীক নিজ গৃহত থৈ আহিল এটা শিখ পৰিয়ালে - জম্মু-কাশ্মীৰক কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা

জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ আৰু জম্মু-কাশ্মীৰক কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণাৰ সময়ত মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি এটা শিখ পৰিয়ালে কিদৰে 32 গৰাকী কাশ্মীৰি যুৱতীক নিজ বাসগৃহত থৈ আহিছিল, পঢ়ক আমাৰ এই প্ৰতিবেদন ৷

মানৱতাৰ অনন্য নিদৰ্শন দাঙি ধৰি কাশ্মীৰী যুৱতীক নিজ গৃহত থৈ অহা এটা শিখ পৰিয়াল

By

Published : Aug 18, 2019, 6:26 PM IST

নিউজ ডেস্ক, 18 আগষ্টঃ যিটো সময়ত কাশ্মীৰক লৈ সমগ্ৰ দেশতে উদ্বেগজনক পৰিস্থিতিৰ উদ্ভৱ হৈছিল তেনে সময়তে এটা শিখ পৰিয়ালে নিজাৱবীয়াকৈ সহায় কৰিছিল 32 গৰাকী কাশ্মীৰি যুৱতীক ৷ পুনেৰ এটা প্ৰতিষ্ঠানত নাৰ্ছিং শিক্ষাগ্ৰহণ কৰিবলৈ প্ৰথমবাৰৰ বাবে নিজ গৃহৰ পৰা বাহিৰলৈ ওলাই আহিছিল এইসকল যুৱতী ৷ জম্মু-কাশ্মীৰৰ বহু ভিতৰুৱা অঞ্চলৰ পৰা ওলাই অহা যুৱতীসকলে অঞ্চলটোত আৱদ্ধ হৈ পৰাৰ লগতে নিজ পৰিয়ালৰ সৈতে কোনোধৰণৰ যোগাযোগ সম্পন্ন কৰিব পৰা নাছিল ৷ তেনে সময়তে এটা ফেচবুক লাইভ আৰু যুৱতীসকলক সুৰক্ষিত অৱস্থাত নিজ বাসগৃহত থৈ আহিছিল দিল্লীৰ এটা শিখ পৰিয়ালে ৷

নতুন দিল্লীৰ সেই শিখ পৰিয়ালটোৰ সদস্য হৰমিন্দৰ সিং আহুৱালিয়াই ফেচবুক লাইভযোগে দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা কাশ্মীৰি যুৱতীসকলক নিকটৱৰ্তী গুৰুদ্বাৰাত আশ্ৰয় গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল ৷ আহুৱালিয়াৰ ফেচবুক লাইভ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত তেওঁৰ সৈতে যোগাযোগ কৰিছিল পুনেত নাৰ্ছিং শিক্ষা গ্ৰহণ কৰি থকা কাশ্মীৰি যুৱতীৰ দলটোৱে ৷ তেনে অৱস্থাত হৰমিন্দৰ সিং আহুৱালিয়াই নিজৰ ভাতৃ অৰমীত সিং খানপুৰী, বলজিত সিং আৰু বাবলুৰ সহায়ত আটাইকেইগৰাকী যুৱতীকে পুনেৰ পৰা বিমানযোগে আৰু স্থলপথেৰে নিজ বাসগৃহত থৈ আহিবলৈ সক্ষম হৈছিল ৷ শিখ পৰিয়ালটোৰ এই কাৰ্যই সঁচা অৰ্থত মানৱতাক এক নতুন পৰিভাষা দিবলৈ সক্ষম হৈছে ৷ সমগ্ৰ ঘটনাৰ ওপৰত আমাৰ এই বিশেষ প্ৰতিবেদন ৷ চাওঁক....

মানৱতাৰ অনন্য নিদৰ্শন দাঙি ধৰি কাশ্মীৰী যুৱতীক নিজ গৃহত থৈ অহা এটা শিখ পৰিয়াল

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details