নিউজ ডেস্ক, 7 এপ্ৰিলঃশীতল মস্তিষ্কৰে 76 গৰাকীকৈ চিআৰপিএফ জোৱানক হত্যা কৰা পৰিঘটনাটো দেশৰ নিৰাপত্তা বাহিনীৰ ওপৰত সংঘটিত কৰা শতিকাৰ ভয়ানক ইতিহাস হিচাপে মনত ৰাখিব ভাৰতবাসীয়ে ৷ আজিৰ পৰা 10 বছৰ পূৰ্বে মাও অধ্যুষিত ছত্তিশগড়ত সংঘটিত হৈছিল এই আক্ৰমণ, য’ত প্ৰায় 1000ৰো অধিক নক্সালবাদীয়ে আইইডি আৰু ধাৰাসাৰ গুলীবৰ্ষণেৰে প্ৰাণ কাঢ়ি নিছিল 76 গৰাকীকৈ চিআৰপিএফ জোৱানৰ ৷
76 গৰাকী চিআৰপিএফ শ্বহীদ হোৱা দিনটোৰ এটা দশক ! - চুকমা মাওবাদী আক্ৰমণৰ এটা দশক
2010 চনৰ 6 এপ্ৰিলত শতিকাৰ ভয়ংকৰ এম্বুশটো সংঘটিত কৰা হৈছিল চিআৰপিএফৰ ওপৰত ৷ যি আক্ৰমণ দেশৰ ভিতৰতে থকা শত্ৰুৰ দ্বাৰা সংঘটিত হৈছিল আৰু পুলৱামা আত্মঘাতী আক্ৰমণতকৈয়ো ভয়ানক আছিল য’ত সৰ্বমুঠ 76গৰাকী চিআৰপিএফ জোৱানক নৃংশসভাৱে হত্যা কৰিছিল মাওবাদীয়ে ৷
![76 গৰাকী চিআৰপিএফ শ্বহীদ হোৱা দিনটোৰ এটা দশক ! দক্ষিণ বষ্টৰ মাওবাদী আক্ৰমণৰ এটা দশক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6685943-101-6685943-1586178644314.jpg)
10 বছৰ পূৰ্বে দক্ষিণ বষ্টৰ জিলাত সংঘটিত হৈছিল এই ঘটনা ৷ এই ঘটনাত সমগ্ৰ দেশৰে পৰা চিআৰপিএফত কৰ্মৰত জোৱান শ্বহীদ হৈছিল ৷ 5 এপ্ৰিলৰ দিনটোত 150 গৰাকী চিআৰপিএফৰ জোৱানে এক অভিযানত অংশগ্ৰহণ কৰিছিল ৷ অভিযান পৰা উলটি অহাৰ সময়ত 6 এপ্ৰিলৰ ৰাতিপুৱা প্ৰায় 8 বজাত এই আক্ৰমণ সংঘটিত হৈছিল ৷ 150 গৰাকী চিআৰপিএফৰ ওপৰত ধাৰাসাৰে গুলীবৰ্ষণ কৰিছিল 1000 ৰো অধিক নক্সালবাদীয়ে ৷ কিন্তু এই আক্ৰমণৰ পিচটো চিআৰপিএফ বাহিনীয়ে 8গৰাকীকৈ নক্সালবাদীক নিধন কৰিবলৈ সক্ষম হৈছিল ৷
সমগ্ৰ অভিযানটোৰ নেতৃত্ব দিছিল নক্সাল কামাণ্ডাৰ মাডাৱাই হিদমা আৰু তেওঁৰ দলে ৷