অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশত বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত বাছ চালক

লক্ষ্ণৌ-কানপুৰ হাইৱে’ত শনিবাৰে তীব্ৰ গতিত আহি থকা এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই এটা পেট্ৰ’ল পাম্পৰ দেৱালত খুন্দা মাৰে আৰু 30 গৰাকী যাত্ৰী আহত হয় ৷ আনহাতে, বাছ চালকজন থিতাতে নিহত হয় ৷ আহতসকলক উন্নত চিকিৎসাৰ বাবে জিলা হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

By

Published : Aug 9, 2020, 12:45 PM IST

a bus runs into petrol pump wall in Uttar Pradesh
উত্তৰ প্ৰদেশত পেট্ৰ’ল পাম্পৰ দেৱালত খুন্দা মাৰি বাছ দুৰ্ঘটনাগ্ৰস্ত

নিউজ ডেস্ক, 9 আগষ্ট: শনিবাৰে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ-কানপুৰ হাইৱে’ত এটা পেট্ৰ’ল পাম্পৰ দেৱাল খহি পৰে, কিয়নো তীব্ৰ গতিত আহি থকা এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই পেট্ৰ’ল পাম্পৰ দেৱালত খুন্দা মাৰে আৰু 30 গৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত হয় ৷

দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা কৰ্তৃপক্ষই বাছখন আঁতৰাই নিদিয়া পৰ্যন্ত সেই ঠাইখিনিত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ৷

উল্লেখ্য যে, কানপুৰৰ পৰা গোৰেশ্বৰমুখী যাত্ৰীবাহী বাছখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই পেট্ৰ’ল পাম্পটোৰ দেৱালত খুন্দা মাৰে, যাৰ ফলস্বৰূপে চালকজন থিতাতে নিহত হয় আৰু 30 গৰাকী যাত্ৰী আহত হয় ৷

সূত্ৰই উল্লেখ কৰা প্ৰতিবেদন অনুসৰি, আহতসকলক প্ৰথমে নৱাবগঞ্জ চি এইচ চি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে আহতসকলক জিলা হাস্পতাললৈ লৈ যোৱা হয় ৷

লগতে পঢ়ক:উত্তৰ প্ৰদেশত এনকাউণ্টাৰত মৃত্যু গেংষ্টাৰ ৰাকেশ পাণ্ডেৰ

ABOUT THE AUTHOR

...view details