অসম

assam

ETV Bharat / bharat

CAA সমৰ্থন কৰি বিয়াৰ কাৰ্ড ছপালে ৰাজস্থানৰ এজন যুৱকে - ৰাজস্থানৰ চিকাৰ

ৰাজস্থানৰ চিকাৰৰ এজন যুৱকৰ এক ব্যতিক্ৰমী উদ্ভাৱন ৷ এ.আৰ.চি আৰু নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থন কৰি নিজৰ বিয়াৰ কাৰ্ডত ইয়াক সমৰ্থন কৰা বুলি ছপা কৰি উলিয়াই ৷

A boy from Rajasthan printed in his wedding card for supporting CAA
CAA সমৰ্থন কৰি বিয়াৰ কাৰ্ড ছপালে ৰাজস্থানৰ এজন যুৱকে

By

Published : Jan 20, 2020, 11:28 PM IST

নেশ্যনেল ডেস্ক, 20 জানুৱাৰীঃ বিগত প্ৰায় এমাহ ধৰি সংশোধিত নাগৰিকত্ব আইনক লৈ তোলাপাৰ হৈ আছে দেশ ৷ বিজেপিয়ে এই আইন কাৰ্যকাৰী কৰাবলৈ সৰ্বশক্তি প্ৰদান কৰাৰ বিপৰীতে কংগ্ৰেছকে ধৰি দেশৰ বিভিন্ন দল-সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ৷ এই সকলোবোৰৰ মাজতেই ৰাজস্থানৰ চিকাৰৰ এজন যুৱকে এই আইনৰ সমৰ্থন কৰি এক ব্যতিক্ৰমী পন্থা উদ্ভাৱন কৰে ৷ চিকাৰৰ ৰাণী সতি ৰোড অঞ্চলৰ অমিত খণ্ডেলৱাল নামৰ এজন যুৱক এ.আৰ.চি আৰু নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থন কৰি নিজৰ বিয়াৰ কাৰ্ডত ইয়াক সমৰ্থন কৰা বুলি ছপা কৰি উলিয়াই ৷

CAA সমৰ্থন কৰি বিয়াৰ কাৰ্ড ছপালে ৰাজস্থানৰ এজন যুৱকে

উল্লেখ্য যে অহা 9 ফেব্ৰুৱাৰীত যুৱকজনৰ বিয়া ৷ ইয়াৰোপৰি বিয়াৰ কাৰ্ডত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটোও সন্নিৱিষ্ট কৰিছে ৷ তাৰোপৰি স্বচ্ছ ভাৰত অভিযানৰ প্ৰতীকিয়ো সন্নিৱিষ্ট কৰিছে ৷ আনহাতে এইক্ষেত্ৰত অমিত আৰু তেওঁৰ দেউতাক মোহনলাল খণ্ডেলৱাল কয় যে আমি এ.আৰ.চি আৰু নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থন কৰো আৰু ৰাইজক সজাগ কৰিবলৈ এই অভিনৱ পন্থা হাতত লয় ৷ ইয়াৰোপৰি দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক প্ৰশংসা কৰি কয় যে কিছুসংখ্যক লোকে এই নৱতম আইনখনক লৈ দেশত চৰম অৰাজকতাৰ সৃষ্টি কৰি আছে ৷ এইসকলক সজাগ কৰাৰ উদ্দেশ্যে এই পন্থা হাতত লোৱাৰ কথা উল্লেখ কৰে ৷

উল্লেখ্য যে অমিত খণ্ডেলৱালে এই ব্যতিক্ৰমী বিয়াৰ কাৰ্ডখন প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈও প্ৰেৰণ কৰে ৷

আৰু পঢ়কঃCAAৰ বিৰোধিতা উত্তৰ-পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়সমূহৰ শিক্ষাৰ্থী সমাজৰ

ABOUT THE AUTHOR

...view details