নিউজ ডেস্ক, ৭ জুলাইঃ হাইদৰাবাদত কৰ'ণাৰ পৰা আৰোগ্য় হৈ উঠিছে এগৰাকী ৯৪ বছৰীয়া মহিলা । হাইদৰাবাদস্থিত গান্ধী হাস্পতালৰ পৰা সোমবাৰে সম্পূৰ্ণ কৰ'ণা মুক্ত বুলি ঘোষণা কৰে বৰ্ষীয়ান মহিলা গৰাকীক ।
হাইদৰাবাদৰ চিক্কদলপল্লীৰ বাসিন্দা পি বিজয়লক্ষ্মী নামৰ মহিলা গৰাকীয়ে কয় যে, হাস্পতালৰ অৱস্থা উন্নত মানৰ । চিকিৎসক আৰু নাৰ্ছ সকলে নিয়মিতৰূপে সেৱা আগবঢ়াইছে । লগতে চাফাই কৰ্মীসকল প্ৰতিদিনে আহে । হাস্পতালখনে উন্নত মানৰ খাদ্যৰ ব্যৱস্থাও কৰিছে ।
উল্লেখ্য যে, তেলেংগানাত সোমবাৰৰ দিনটোত কৰ'ণাত আক্ৰান্ত হয় ১,৮৩১ গৰাকী ব্যক্তি । লগতে বিগত ২৪ ঘণ্টাত এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১১ গৰাকীকৈ লোকৰ । বিগত ২৪ ঘণ্টাত তেলেংগানাত কৰ'ণাত আক্ৰান্ত হোৱা মুঠ ১,৮৩১ গৰাকী ব্যক্তিৰ ভিতৰত ১,৪১৯ গৰাকী ব্যক্তি গ্ৰেটাৰ হাইদৰাবাদ পৌৰ নিগম অঞ্চলৰ বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে ।
তেলেংগানা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, বৰ্তমান পৰ্যন্ত ৰাজ্যখনত ২৫,৭৩৩ গৰাকী ব্যক্তি কৰ'ণা আক্ৰান্ত হৈছে । তাৰ ভিতৰত ১০,৬৪৬ গৰাকী ব্যক্তিৰ দেহত মহামাৰী কৰ'ণা সক্ৰিয় হৈ থকাৰ বিপৰীতে ১৪,৭৮১ গৰাকী ইতিমধ্য কৰ'ণা মুক্ত বুলি ঘোষণা কৰে । লগতে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩০৬ গৰাকী লোকৰ ।
লগতে পঢ়ক :আয়ুছ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়ববীয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ