অসম

assam

ETV Bharat / bharat

আৱদ্ধ হৈ পৰা ৯২ গৰাকী মাছমৰীয়াক উদ্ধাৰ

অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলাৰ নিকটৱৰ্তী এটা দ্বীপত আৱদ্ধ হৈ পৰা ৯২ গৰাকী মাছমৰীয়াক সুকলমে উদ্ধাৰ কৰা হয় ।

আৱদ্ধ হৈ পৰা ৯২ গৰাকী মাছমৰীয়াক উদ্ধাৰ
আৱদ্ধ হৈ পৰা ৯২ গৰাকী মাছমৰীয়াক উদ্ধাৰ

By

Published : Apr 28, 2020, 4:05 PM IST

নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলাম আৰু ভিজিয়ানগৰমৰ প্ৰায় ৯২ গৰাকী মাছমৰীয়াক অৱশেষত সুকলমে উদ্ধাৰ কৰা হয় । ৰাজ্যখনৰ কৃষ্ণা জিলাৰ পৰা কিছু নিলগত অৱস্থিত এটা দ্বীপত মাছ মাৰিবলৈ গৈ সাগৰীয় ধুমুহাৰ ফলত আৱদ্ধ হৈ পৰিছিল মাছমৰীয়াসকল ।

চেন্নাইৰ পৰা মাছ মাৰিবলৈ ওলোৱা এইসকল মাছমৰীয়াই ২৪ এপ্ৰিলত শ্ৰীকাকুলামত উপস্থিত হয় । শ্ৰীকাকুলামত উপস্থিত হোৱাৰ পিচতে ইডুৰুমন্দী দ্বীপত আৱদ্ধ হৈ পৰে মাছমৰীয়াসকল ।

অৱশেষত সাগৰীয় আৰক্ষী আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সহযোগত সোমবাৰে তেওঁলোকক সুকলমে উদ্ধাৰ কৰা হয় । মাচিলিপটনমৰ ৰাজহ খণ্ড বিষয়া এন এছ কে খাজা ভালিয়ে প্ৰকাশ কৰিছে এই তথ্য । উদ্ধাৰ কৰা মাছমৰীয়াসকলক বতৰ ভাল হোৱাৰ পিচত নিজ নিজ গৃহলৈ প্ৰেৰণ কৰা হ'ব । ইতিমধ্যে মাছমৰীয়াসকলক স্থানীয় এখন বিদ্যালয়ত ৰখা হৈছে আৰু তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে ।

লগতে পঢকঃকাবাডীক অলিম্পিকত সংযোজিত কৰাই হৈছে চূড়ান্ত লক্ষ্য : কিৰেণ ৰিজিজু

ABOUT THE AUTHOR

...view details