নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ: ৰাজধানী দিল্লীত দিনক দিনে বাঢ়ি অহা বায়ু প্ৰদূষণে চিন্তিত কৰি তুলিছে দিল্লীবাসীক। প্ৰদূষণ ৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই বৃহস্পতিবাৰে দিল্লীৰ বিজয় চ'কত বিক্ষোভ প্ৰদৰ্শন কৰে মণিপুৰৰ এগৰাকী ৯ বছৰীয়া কিশোৰীয়ে । লাইচিপ্ৰিয়া কংগুজাম নামৰ এই কিশোৰীগৰাকীয়ে ২০১৯ চনত স্পেইনৰ মাদ্ৰীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনত অংশগ্ৰহণ কৰিছিল ।
লাইচিপ্ৰিয়াই কয় যে, 'মই বিচাৰো আমাৰ ৰাজনৈতিক নেতা সকলে বায়ু প্ৰদূষণ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰক । নেতাসকলে সমস্যাৰ সমাধান কৰাৰ বিপৰীতে পৰস্পৰৰ ওপৰত দোষ জাপি দিয়াত ব্যস্ত থাকে । প্ৰদূষণ হ্ৰাস কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ।' অত্যাধিক মাত্ৰাত হোৱা বায়ু প্ৰদূষণ বিপদজনক আৰু এনে পৰিস্থিতিত শিশুসকল ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰা হৈছে বুলিও মন্তব্য কৰে কিশোৰীগৰাকীয়ে । লগতে কয় যে, 'মই শিশুসকলৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছো ।'