নিউজ ডেস্ক,১৪ অক্টোবৰ:মধ্যপ্ৰদেশৰ ৰাঘোগড় আৰক্ষী চকীৰ অন্তৰ্গত মঞ্চাখেড়ী গাঁৱত মঙলবাৰে বিয়লি ভাগত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । গাঁওখনৰ এহাল বিবাহিত দম্পত্তিৰ আত্মীয়ৰ সৈতে হোৱা এক বিবাদৰ ফলত ৯ গৰাকী সদস্যসহ এজন ৫ বছৰীয়া ল'ৰা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
প্ৰাপ্ত তথ্য অনুসৰি,জীতেন্দ্ৰ কেৱট নামৰ লোকজনে পৰিয়ালৰ সৈতে তেওঁৰ পত্নীৰ ঘৰলৈ বিবাদ মীমাংসা কৰিবলৈ যাওতে এই ঘটনা সংঘটিত হয় । কেৱট হৈছে বিদৌৰীয়া গাঁৱৰ বাসিন্দা । ৰাঘোগড় আৰক্ষী চকীৰ আৰক্ষী পৰিদৰ্শক মদন মোদন মালভিয়াই এই কথা সদৰি কৰে ।