নিউজ ডেস্ক, 17 জুলাইঃ উত্তৰ প্ৰদেশৰ সোনভদ্ৰা জিলাত সংঘটিত এক ভূমিকেন্দ্ৰীক বিবাদৰ পৰিনতিত নিহত হয় নগৰাকী লোক ৷ জিলাখনৰ ঘোৰাৱালৰ উভা গাঁৱত বুধবাৰে দিনৰ ভাগত সংঘটিত হয় এই ঘটনা ৷
ভূমিকেন্দ্ৰীক বিবাদৰ পৰিনতিঃ গুলীয়াগুলিত নিহত নজনকৈ লোক - উত্তৰ প্ৰদেশ
উত্তৰ প্ৰদেশৰ সোনভদ্ৰাত সংঘটিত এক ভূমিকেন্দ্ৰীক বিবাদৰ পৰিনতিত নিহত নগৰাকীলৈ লোক ৷ দুটা গোটৰ মাজত সংঘটিত গুলীয়াগুলিত নিহত হয় লোককেইজন ৷
![ভূমিকেন্দ্ৰীক বিবাদৰ পৰিনতিঃ গুলীয়াগুলিত নিহত নজনকৈ লোক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3870238-thumbnail-3x2-bb.jpg)
গাঁৱখনৰ গাঁৱবুঢ়াই কিছুবছৰ পূৰ্বে ক্ৰয় কৰা প্ৰায় 90 বিঘা মাটিক লৈয়ে গাঁৱবাসী আৰু গাঁৱবুঢ়াৰ পৰিয়ালৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় ৷ ঘটনাৰ পিচতে গাঁৱবাসীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰে গাঁৱবুঢ়াৰ পৰিয়ালৰ লোকে ৷ ফলত চাৰিগৰাকী মহিলাকে ধৰি ঘটনাস্থলীতে নিহত হয় নগৰাকীকৈ লোক ৷ ৰাজ্যখনৰ আইন-শৃংখলা বিভাগৰ দায়িত্বত থকা আৰক্ষী মহাপৰিদৰ্শক আইপিএছ প্ৰবীন কুমাৰে সংবাদ মাধ্যমৰ আগত এইকথা প্ৰকাশ কৰিছে ৷
ঘটনাস্থলীৰ আৰক্ষীৰ এটি উচ্চ পৰ্যায়ৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দুজন লোকক আটক কৰিছে ৷ আহতসকলক স্থানীয় জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আৰক্ষীক ঘটনাৰ এক উচ্চপৰ্যায়ৰ তদন্ত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷