অসম

assam

ETV Bharat / bharat

বিহাৰত বজ্ৰ পৰি মৃত্যু 9 জনৰ - ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগ

বিহাৰৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে জিলা প্ৰশাসনক বজ্ৰপাত পৰি মৃত্যু হোৱা লোককেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে সাহাৰ্যৰ ধন প্ৰদানৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ৷

9 killed in fresh lightning strikes across four districts in Bihar
বিহাৰত বজ্ৰপাত পৰি মৃত্যু 9 জনৰ

By

Published : Jul 11, 2020, 10:45 AM IST

বিহাৰ, 11 জুলাই : বিহাৰত শুকুৰবাৰে বজ্ৰপাত পৰি 9 জনকৈ লোকৰ মৃত্যু হয় ৷ ৰাজ্যখনৰ এৰিয়া জিলাত 5 জন, পুৰ্ণিয়াত 2 জন, কিষাণগঞ্জ আৰু বাংকা জিলাত 1 জনকৈ লোকৰ বজ্ৰপাত পৰি মৃত্যু হয় ৷ লোককেইজনে পথাৰত কাম কৰি থকা সময়তে সংঘটিত হয় এই ঘটনা ৷ বজ্ৰপাত পৰি মৃত্যু হোৱা লোককেইজনৰ মাজত এগৰাকী 5 বছৰীয়া শিশুও আছে ৷

বিহাৰৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে জিলা প্ৰশাসনক বজ্ৰপাত পৰি মৃত্যু হোৱা লোককেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে সাহাৰ্যৰ ধন প্ৰদানৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ৷ উল্লেখ্য যে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বজ্ৰপাতত মৃত্যু হোৱা লোকৰ পৰিয়ালক 4 লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ ঘোষণা কৰিছিল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এই সময়ছোৱাত জনতাক প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰাৰো আহ্বান জনাইছিল ৷

লগতে পঢ়ক : মুম্বাইৰ বৰিভালীত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details