অসম

assam

ETV Bharat / bharat

নিউজিলেণ্ড আক্ৰমণৰ পাচতেই নিৰুদ্দিষ্ট 9 জনকৈ ভাৰতীয়

উদ্ধাৰৰ বাবে সষ্টম ভাৰতীয় বৈদেশিক মন্ত্ৰণালয় ৷

By

Published : Mar 16, 2019, 10:41 AM IST

etv bharat

নিউজ ডেস্ক, 16 মাৰ্চ : নিউজিলেণ্ডত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাচতেই সন্ধানহীন 9 জনকৈ ভাৰতীয় নাগৰিক৷ শুকুৰবাৰে নিউজিলেণ্ডৰ খ্ৰীষ্টচাৰ্চৰ দুটাকৈ মছজিদত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা গুলীচালনাৰ পাচৰে পৰা সন্ধানহীন হৈ আছে ভাৰতীয় লোককেইজন৷

সন্ধানহীন হৈ থকা ভাৰতীয় লোককেইজনৰ সন্ধান উলিয়াবলৈ স্থানীয় প্ৰশাসনৰ লগত ভাৰতে ইতিমধ্যেই আৰম্ভ কৰিছে দ্বৈত আলোচনা৷ অচিৰেই এই সন্দৰ্ভত অধিক তথ্য লাভ কৰাৰ কথা টুইটাৰ যোগে প্ৰকাশ কৰে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰৱীশ কুমাৰে৷ প্ৰধানমন্ত্ৰী মোডী,বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজৰ লগতে বহু ৰাজনীতিবিদ তথা বিশিষ্ট ব্যক্তিয়ে নিউলিলেণ্ডৰ দুখঃজনক ঘটনাৰ শোক প্ৰকাশ কৰে৷

newzeland attack

উল্লেখ্য যে, নিউজিলেণ্ড সংঘৰ্ষত আহত হয় হায়দৰাবাদ নিবাসী আহমেদ জাহাংগীৰ নামৰ এজন ব্যক্তি৷ আক্ৰমণৰ পাচৰে পৰাই ফাৰহাজ আচান নামৰ আন এজন ভাৰতীয়ও নিৰুদ্দিষ্ট হৈ আছে৷ নিৰুদ্দিষ্ট সকলৰ ভিতৰত দুজনকৈ গুজৰাটৰ নিবাসীও আছে বুলি জানিবলৈ দিছে সূত্ৰই৷

শুকুৰবাৰৰ নামাজৰ পূৰ্বেই কূটাঘাতকাৰীয়ে খ্ৰীষ্টচাৰ্চৰ দুটাকৈ মছজিদত সংঘটিত কৰে মুকলি গুলীচালনা৷ যাৰ ফলত 49 জন লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে বৰ্তমানেও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে 48 জনকৈ লোক৷ এই কূটাঘাত কাণ্ডৰ লগত জড়িত চাৰিজন লোকক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details