নিউজ ডেস্ক, ২৫ এপ্ৰিলঃভাৰতীয় নৌ-সেনাৰ পিচত এইবাৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত তাণ্ডৱ ৰূপ লৈছে কৰ'ণা ভাইৰাছে । কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, ভাৰতীয় স্থলসেনা আৰু নৌ-সেনাৰ পিচত এইবাৰ চিআৰপিএফ কৰ্মীৰ দেহত পোৱা হৈছে কোভিড-১৯ৰ উপস্থিতি । বাহিনীটোৰ ৯গৰাকীকৈ জোৱানৰ দেহত পোৱা গৈছে মাৰাত্মক কৰ'ণা ভাইৰাছ সৃষ্ট কোভিড-১৯ মহামাৰীৰ উপস্থিতি ।
উল্লেখ্য যে, দিল্লীৰ নাৰেলাস্থিত পৃথক আছুতীয়া কক্ষত ৰখা হৈছিল চিআৰপিএফৰ সৰ্বমুঠ ৪৭ গৰাকী কৰ্মী । নতুন দিল্লীত কৰ্মৰত এইসকল জোৱানৰ ভিতৰত ৯ গৰাকীৰে দেহত কৰ'ণা ভাইৰাছ পোৱা গৈছে বুলি বাহিনীটোৰ এগৰাকী জ্যেষ্ঠ বিষয়াই উল্লেখ কৰিছে ।