দোলাত উঠি ধৰাৰ বুকুলৈ আগমন ঘটিল দুৰ্গতিনাশিনীৰ
আজি শুভ মহালয়া ৷ আৰম্ভ হ'ল দুৰ্গোৎসৱৰ লগ্ন ৷ দেৱী বন্দনাৰে মুখৰিত হৈ পৰিল মৰ্তৰ আকাশ-বতাহ ৷
নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লীৰ প্ৰধানমন্ত্ৰী মোদীলৈ জন্মদিনৰ শুভেচ্ছা
নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লীৰ প্ৰধানমন্ত্ৰী মোদীলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন ৷ টুইটাৰযোগে শুভেচ্ছা জনাই ভাৰত-নেপালৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰা বিষয়ত মন্তব্য আগবঢ়ায় প্ৰধানমন্ত্ৰী অ’লীয়ে ৷
২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বিদ্যালয়ৰ পাঠদান
সকলো বিদ্যালয়তে সোম, বুধ আৰু শুকুৰবাৰে চলিব নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান । মঙল, বৃহস্পতি আৰু শনিবাৰে দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান অনুষ্ঠিত হ’ব । প্ৰতিটো শ্ৰেণীৰ শিক্ষাৰ্থী সকলক দুটাকৈ গোটত ভাগ কৰি এটা গোটক পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ আৰু আনটো গোটক দিনৰ ১ বজাৰ পৰা বিয়লি ৪ বজালৈ পাঠদান কৰা হ’ব ।
অসম চুক্তিৰ ছয় নং দফা সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰী সোণোৱালে ?
সদৌ অসম ছাত্ৰ সন্থাৰ অভিযোগৰ পাচতেই মুখ খুলিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ৰাইজলৈ মুখ্যমন্ত্ৰী গৰাকীৰ আহ্বান '' আমাৰ ওপৰত আস্থা ৰাখক। প্ৰতিবেদন সম্পূৰ্ণ ৰূপে পৰ্যালোচনা কৰি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব " ৷
মোচন হোৱা নাই বাঘজান বাসীৰ চকুলো
আজিও নিৰ্বাপিত হোৱা নাই বাঘজানৰ জুই । আজি ১১৩ টা দিনে জ্বলি আছে বাঘজান আৰু জ্বলি আছে বাঘজানবাসীৰ সপোনবোৰ।
পূজাত কি কৰিব, কি নকৰিব: চৰকাৰে জাৰি কৰিলে নিৰ্দেশনা
এইবেলি বিশ্বকৰ্মা পূজাই হওঁক বা দুৰ্গা পূজাই হওঁক,ৰাইজে পালন কৰিব লাগিব কেতবোৰ বিশেষ নীতি-নিয়ম । ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই বুধবাৰে জাৰি কৰিছে এই বিশেষ নিৰ্দেশাৱলী ৷
ৱাশ্বিংটন পোষ্ট স্থান লাভ কৰা বিশেষ ছবিখন
জ্যেষ্ঠ সাংবাদিক অনুপম নাথৰ কেমেৰাৰ লেঞ্চত বন্দী এখন বিশেষ ছবিয়ে শেহতীয়াকৈ স্থান লাভ কৰিছে ৱাশ্বিংটন পোষ্টত ৷ মহানগৰীৰ ভূতনাথ শ্মশানত আত্মীয়ক হেৰুৱাই কান্দোনত ভাগি পৰা দুজন লোকৰ এই আলোক চিত্ৰখনে যোৱা 10 আগষ্টত ৱাশ্বিংটন পোষ্টত স্থান লাভ কৰে ৷
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ দেহত কোভিড 19
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ সম্প্ৰতি সুস্থ ভাৱে থকা মন্ত্ৰীগৰাকীয়ে টুইটযোগে প্ৰকাশ কৰে এই কথা ৷
শ্ৰীনগৰ এনকাউণ্টাৰ: এগৰাকী মহিলা নিহত, আহত 3 নিৰাপত্তাৰক্ষী
শ্ৰীনগৰৰ বাটামালো এলেকাত পুৱতি নিশা প্ৰায় 2.30 বজাত সুৰক্ষা বাহিনী আৰু পাক সন্ত্ৰাসবাদীৰ মাজত হোৱা এনকাউণ্টাৰত এগৰাকী মহিলা নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী নিৰাপত্তাৰক্ষী বিষয়া আৰু দুগৰাকী চিআৰপিএফ জোৱান ৷ আহত জোৱান কেইগৰাকীক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷
কৰ’ণাক জয় কৰিলে মাডাৰ বৃদ্ধাবাসৰ আইতাসকলে
অৱশেষত কৰ’ণাক জয় কৰিলে মাডাৰ বৃদ্ধাৱাসৰ পাঁচ গৰাকী আইতাই ৷ বৃদ্ধাৱাসত থকা 12 গৰাকী আইতা আক্ৰান্ত হৈছিল ক’ভিড-19ত ৷ বৰ্তমান সময়ত কৰ’ণাক হৰুৱাই পাঁচ গৰাকী আইতা সুস্থ হৈ বৃদ্ধাৱাসলৈ উভতি আহিছে ৷