অসম

assam

By

Published : Aug 31, 2020, 9:01 AM IST

ETV Bharat / bharat

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি

বিলাসীপাৰাত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন যুৱক

দেওবাৰে নিশা বিলাসীপাৰাৰ গৌৰাং নৈত সংঘটিত নাও দুৰ্ঘটনাৰ পাচত বৰ্তমানেও সন্ধানহীন হৈ আছে এগৰাকী যুৱক ৷ যুৱকগৰাকী বিলাসীপাৰাৰ নায়েৰ আলগা ২য় খণ্ডৰ চুনাৰীপাৰাৰ বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷

লেজাইত আধাৰ কাৰ্ডৰ নামত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে ধন সংগ্রহৰ অভিযােগ

লেজাই গাঁও পঞ্চায়তৰ বিজেপিৰ সভানেত্ৰী ৰীমা দাসৰ বিৰুদ্ধে স্থানীয় ৰাইজে উত্থাপন কৰিছে অভিযোগ ৷ আধাৰ কার্ড দিয়াৰ নামত সভানেত্ৰী গৰাকীয়ে গ্ৰামাঞ্চলৰ শতাধিক লোকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

তৃতীয় দিনৰ বাবে চিবিআইয়ে জেৰা কৰিলে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক

বিগত তিনিদিন ধৰি অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক সোধপোছ অব্যাহত ৰাখিছে চিবিআইয়ে ৷ চিবিআইৰ বিষয়ববীয়াই জনোৱা অনুসৰি, ৰিয়া আৰু তেখেতৰ ভাতৃ দেওবাৰে DRDOৰ অতিথিশালাত পুৱা 10.15 উপস্থিত হয় আৰু সন্ধিয়া 7 বজাত উভতে ৷

মুখ চম্ভালিব নোৱাৰি ইউপিপিএলৰ পৰা খেদা খালে পৃথ্বী নাৰায়ণ দেৱ মেচে

পৃথ্বী নাৰায়ণ দেৱ মেচক ইউপিপিএল দলৰ পৰা অব‍্যাহতি । দলীয় নীতি নিৰ্দেশনা ভংগ কৰি সংবাদ মেল যোগে পুনৰ পৃথক বড়োলেণ্ড ৰাজ‍্যৰ দাবীৰ হুংকাৰ দিয়াৰ পিচতে ইউপিপিএল দলত জোকাৰণি । তৎকালিন ভাৱে দলৰ পৰা অব‍্যাহতি দিলে পৃথ্বী নাৰায়ণ দেৱ মেচক ।

ৰাজ্যৰ নামঘৰলৈ ২ কোটি ৫০ লাখকৈ আৰ্থিক সাহায্য দিব চৰকাৰে

সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰো প্ৰতিটো নামঘৰতে এতিয়া দেখা গৈছে জনশূন্য পৰিৱেশ ৷ কৰ’নাৰ এনে ভয়াবহতাৰ মাজতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ ঘোষণাই উৎফুল্লিত কৰি তুলিছে সমগ্ৰ লোকক ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি ৰাজ্যৰ মুঠ ৮০০০ নামঘৰৰ আন্তঃগাঁথনি উন্নত কৰাৰ নামত ২ কোটি ৫০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা উল্লেখ কৰিছে ৷

বৰপেটাৰোডত বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ দুজন যুৱকক আটক

এক গোপন সু্ত্ৰৰ ভিত্তিত বৰপেটাৰোড আৰক্ষীয়ে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলায় বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷

বৃহত্তৰ আহোম শক্তি একত্ৰিত কৰাৰ প্ৰয়াস কৰিব আহোম জাতীয় অভিৱৰ্তনে

অহা ২ ডিচেম্বৰ ২০২০ ত অসম দিৱস আৰু 3 ডিচেম্বৰত চ্যুকাফা দিৱস এইবাৰ কেন্দ্ৰীয়ভাৱে গৌৰৱজ্বল আহোমৰ প্ৰথম ৰাজধানী চৰাইদেউত উদযাপন কৰিব ৷ ইয়াতে সকলো আহোম লোক ঐক্যবদ্ধ হ’ব ৷

অস্ত্ৰ এৰি প্ৰকৃতি উদ্ধাৰত ব্যস্ত এগৰাকী সংগ্ৰামী

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ দিহিৰা আৰু সূৱণখাটা সংৰক্ষিত বনাঞ্চলত চলি থকা বেদখল আৰু বন ধ্বংস কাৰ্য প্ৰতিৰোধ কৰাৰ বাবে নিজকে নিয়োজিত কৰে বিজয় চৌধুৰীয়ে ৷

কংগ্ৰেছৰ সভাপতি নিৰ্বাচন সন্দৰ্ভত সঞ্জয় নিৰুপমৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

বহুমত যুক্ত এখন চিঠিৰে কংগ্ৰেছৰ সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিব খোজাটো ৰাহুল গান্ধীৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ আৰু এনে ধৰণে চলি থাকিলে কংগ্ৰেছ দল বিভক্ত হ’ব ৷ জ্যেষ্ঠ সাংবাদিক অমিত অগ্নিহোত্ৰীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সঞ্জয় নিৰুপমে ৷

সোমবাৰৰ পৰা দেওবাৰলৈকে জৰুৰীকালীন সেৱাত জড়িত কাৰ্যালয় খোলাৰ নিৰ্দেশ গৃহবিভাগৰ

ৰাজ্য চৰকাৰৰ গৃহবিভাগৰ ফালৰ পৰা জৰুৰীকালীন সেৱাত জড়িত কাৰ্যালয়সমূহলৈ জাৰি কৰা হৈছে আন এক নতুন নিৰ্দেশনা ৷ সোমবাৰৰ পৰা দেওবাৰলৈকে জৰুৰীকালীন সেৱাত জড়িত কাৰ্যালয় সমূহ খোলা ৰখাৰ নিৰ্দেশ দিয়া হৈছে ৷

ABOUT THE AUTHOR

...view details