নেশ্যনেল ডেস্ক, 23 অক্টোবৰ: উত্তৰ প্ৰদেশৰ হাথৰস জিলাত প্ৰায় 1.25 কোটি মূল্যৰ 840 কিলোগ্ৰাম গাঞ্জা জব্দ ৷ হাথৰসৰ আৰক্ষী অধীক্ষক বিনীত জয়ছৱালে কয় যে, এখন ট্ৰাক আৰু এখন কাৰত বৃহস্পতিবাৰে অবৈধভাৱে নি থকা অৱস্থাতে আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰে ৷ জয়ছৱালে লগতে কয় যে, এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই এই 1.25 কোটি মূল্যৰ গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷
হাথৰসত 1.25 কোটি মূল্যৰ গাঞ্জা জব্দ - NDPS
হাথৰসত প্ৰায় 1.25 কোটি মূল্যৰ 840 কিলোগ্ৰাম গাঞ্জা জব্দ ৷ উত্তৰ প্ৰদেশ আৰক্ষীয়ে এই গাঞ্জাখিনি জব্দ কৰে ৷ এই সন্দৰ্ভত সাদাবাদ আৰক্ষী থানাত Narcotic Drugs and Psychotropic Substances (NDPS) আইনৰ অধীনত এক গোচৰ ৰুজু ৷
হাথৰসত 1.25 কোটি মূল্যৰ গাঞ্জা জব্দ
তেওঁ কয় যে দুয়োখন বাহনৰে মালিক দুগৰাকী পলাই সাৰিবলৈ সক্ষম হয় যদিও বাহন দুখন জব্দ কৰা হৈছে আৰু গাড়ীখনৰ মালিক দুগৰাকীৰ সম্পৰ্কত তথ্য গোটোৱা হৈছে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত সাদাবাদ আৰক্ষী থানাত Narcotic Drugs and Psychotropic Substances (NDPS) আইনৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে ৷ জিলা আৰক্ষী প্ৰধান গৰাকীয়ে এই অভিযানত জড়িত আৰক্ষী বিষয়া সকলৰ বাবে 15,000 টকাৰ উপহাৰ ঘোষণা কৰিছে ৷
লগতে পঢ়ক:মহানগৰীত চুপাৰী ভৰ্তি ট্ৰাক জব্দ