নেশ্যনেল ডেস্ক, ৩ জুনঃ বুধবাৰে কেৰালাত পুনৰ ৮২ গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি । ইয়াৰ ভিতৰত এগৰাকী চিকিৎসক আৰু ৪ গৰাকী স্বাস্থ্যকৰ্মীও আছে । কেৰালাত সম্প্ৰতি এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা 1,494 গৰাকীলৈ বৃদ্ধি পাইছে আৰু ১.৬ লাখ লোকক পৰ্যবেক্ষণত ৰখা হৈছে ।
কেৰালাত 1,494 গৰাকীলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা - মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন
বুধবাৰে কেৰালাত COVID-19 আক্ৰান্তৰ সংখ্যা 1,494 গৰাকীলৈ বৃদ্ধি পাইছে । কেৰালাত পুনৰ ৮২ গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি ।
কেৰালাত 1,494 গৰাকীলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা
উল্লেখ্য ৰাজ্যখনত মঙলবাৰৰ দিনটোক সৰ্বাধিক ৮৬ গৰাকী লোকৰ দেহত পোৱা গৈছিল COVID-19ৰ অৱস্থিতি । নতুনকৈ আক্ৰান্ত লোকসকলৰ ভিতৰত ৫৩ গৰাকী লোক বিদেশৰ পৰা অহা আৰু ১৯ গৰাকী লোক দেশৰ ভিন্ন ৰাজ্যৰ পৰা অহা । এক বৈঠকযোগে এই তথ্য প্ৰদান কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে । লগতে তেওঁ কয় যে, সম্প্ৰতি ৮৩২ গৰাকী লোক চিকিৎসাধীন অৱস্থাত আছে ।
লগতে চাওকঃ সীমা বিবাদৰ অন্তত চুলচুলত বিৰল লেফ্টেনেণ্ট জেনেৰেল স্তৰীয় বৈঠকত মিলিত ভাৰত-চীন