নিউজ ডেস্ক, ৩ এপ্ৰিলঃ বুধবাৰে জনপ্ৰিয় চাকৰি সন্ধানী ৱেবছাইট "Indeed" প্ৰকাশ কৰা এক সমীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ৰাজনীতিৰ জনপ্ৰিয়তা । সাধাৰণ নিৰ্বাচনৰ পূৰ্বে সাতটা পৰ্যায়ত সম্পন্ন কৰা এই সমীক্ষাত দেশৰ ৮০ শতাংশ চাকৰি সন্ধানীয়ে ৰাজনীতিৰ প্ৰতি নিজৰ আগ্ৰহ প্ৰকাশ কৰিছে ।
সমীক্ষাটোত, ২১ শতাংশ পুৰুষআৰু ১২ শতাংশ মহিলাইৰাজনীতিত নিজৰ কেৰিয়াৰ গঢ়াৰ প্ৰতি পক্ষপাতী বুলিপ্ৰকাশ পাইছে । অহা ১১ এপ্ৰিলৰ পৰা মে মাহৰ ১৯ তাৰিখলৈ অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ ভাৰতবৰ্ষত সাতটা পৰ্যায়ত সম্পন্ন কৰা হৈছিল এই সমীক্ষা । সমীক্ষাত অংশগ্ৰহণ কৰা ৫৯ শতাংশ অংশগ্ৰহণকাৰীয়ে প্ৰকাশ ভংগী আৰু ৰাজহুৱাকৈ কথা কোৱাৰ সক্ষমতা থাকিলেহে ৰাজনীতিত কেৰিয়াৰ সম্ভৱপৰ বুলি মতদান কৰাৰ বিপৰীতে ৫৩ শতাংশই সমস্যা ব্যৱস্থাপনাই এগৰাকী স্থায়ী ৰাজনীতিবিদৰ মুল গুণবুলি মতদান কৰিছে । আনহাতে ২৪ শতাংশ অংশগ্ৰহণকাৰীয়ে সৰ্বভাৰতীয় পৰ্যায়ৰ ৰাজনীতিৰ প্ৰতিমনোগ্ৰাহী বুলি কোৱাৰ বিপৰীতে ২১ শতাংশই ৰাজনীতিৰ সৈতে সংযুক্ত অন্যান্য় আনুষংগিক কেৰিয়াৰ পচণ্ড কৰিছে আৰু ৩৪ শতাংশই ৰাজ্যিক ভিত্তিক সামাজিক সেৱা আৰু ৰাজনৈতিক সাংবাদিকতাত আগ্ৰহী বুলি মতপ্ৰকাশ কৰিছে ।