গাজিয়াবাদ, ২ মে': শুকুৰবাৰে গাজিয়াবাদ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ৰেড জ'ন হিচাপে চিনাক্ত হৈ থকা ৮ টাকৈ আৱাসিক বসতিপূৰ্ণ অঞ্চলক পুনৰ মুকলি । ১৪ দিনলৈ অঞ্চলটোত COVID-১৯ ৰ আক্ৰান্তৰ ঘটনা পোহৰলৈ অহা নাই । যাৰ পাচতেই এই সিদ্ধান্ত গ্ৰহণ কৰে গাজিয়াবাদ জিলা প্ৰশাসনে ।
আঠটা বসতিপূৰ্ণ অঞ্চল হৈছে- জ্ঞান খাণ্ড, শিপ্ৰা ছান চিটিৰ ইন্দ্ৰাপুৰুম ৱাৰ্ড নং ২, গাজিয়াবাদ নগৰ নিগম, ছালিমাৰ গাৰ্ডেন এক্সটেশ্বন-২ ছাহিবাবাদ, ছেক্টৰ-৬ বৈশালী, খাটু শ্যাম কল'নি, দুহাই গাঁও (দিল্লী-মেৰুট ৰোড) আৰু অক্সি হম'জ, ভূপুৰা লনি ৰোড, ছাহিবাবাদ ।
এই সন্দৰ্ভত জিলা দণ্ডাধীশ অজয় শংকৰ পাণ্ডেয়ে সংবাদ মাধ্যমৰ আগত কয়, গৃহমন্ত্ৰণালয়ৰ তৰফৰ পৰা জাৰি কৰা নিৰ্দেশাৱলীত ৰেড জ'নৰ পৰা অৰেঞ্জ জ'নলৈ স্থানান্তৰ কৰা হৈছে গাজিয়াবাদক । বৰ্তমান জিলাখন অৰেঞ্জ জ'নলৈ ৰূপান্তৰ হৈছে । যাৰ বাবে এই অঞ্চল সমূহক ৰেহাই প্ৰদান কৰা হৈছে । যদিহে ভৱিষ্যৎতে পুনৰ কোনো আক্ৰান্তৰ ঘটনা পোহৰলৈ আহে তেন্তে পুনৰ ৰেড জ'ন ঘোষণা কৰি ৪ মে' ৰ পৰা দুই সপ্তাহলৈ সকলো ৰেহাই অঞ্চল সমূহত হ্ৰাস কৰা হ'ব বুলি উল্লেখ কৰে ।
বৰ্তমান অঞ্চল সমূহত জিলা প্ৰশাসনৰ লগতে আৰক্ষীয় প্ৰশাসনেও তীব্ৰ দৃষ্টি ৰাখিছে । সকলোৱে যাতে লক্ ডাউনৰ নিয়মাৱলী, সামাজিক দূৰত্বৰ নিয়ম মানি চলাৰ লগতে মাস্ক ইত্যাদি পৰিধান কৰিছে নে নাই তাৰ ওপৰতো নজৰ দিয়া হৈছে ।
-
বহিঃৰাজ্যত আৱদ্ধ লোক সকলক ঘূৰাই অনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক