অসম

assam

ETV Bharat / bharat

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

7PM TOP TEN NEWS
7PM TOP TEN NEWS

By

Published : Dec 18, 2020, 6:45 PM IST

গীৰ্জা ভঙা কাণ্ডত দোষী সাব্যস্ত মাজুলীৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী

২০১৮ বৰ্ষত গীজা ভঙাৰ এক গুৰুতৰ অভিযোগ আছিল সত্ৰাধিকাৰ জনৰ বিৰুদ্ধে । খ্ৰীষ্টানৰ কৰাল গ্ৰাষত পৰা সত্ৰৰ ভূমি মাজুলীত মিচনাৰীৰ বিৰুদ্ধে এক প্ৰকাৰৰ জেহাদ ঘোষণা কৰা জনাৰ্দন দেৱ গোস্বামীয়ে জনগোষ্ঠীয় অধ্যুষিত এলেকাক খ্ৰীষ্টান মুক্ত কৰাৰ স্বাৰ্থত অজস্ৰ সভা অনুষ্ঠিত কৰিছিল ৷

গোলাঘাটৰ চিকিৎসালয়ত শূণ্য হ'ল ক'ভিড ৰোগী

গোলাঘাটৰ এখন চিকিৎসালয়ত শূণ্য হ'ল ক'ভিড ৰোগী ৷ বিগত মাৰ্চ মাহতে শিশু আৰু প্ৰসূতিৰ বাবে নিৰ্মাণ কৰা চিকিৎসালয় খন মুকলি কৰা হয় ক'ভিড চিকিৎসালয় হিচাপে ৷ অতি শীঘ্ৰে চিকিৎসালয়খন ঘোষণা কৰা হ'ব শিশু আৰু প্ৰসূতিৰ চিকিৎসাৰ বাবে ৷

3০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা

১২ দিনীয়া কাৰ্যসূচীৰে অহা 30 ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা ৷ ক’ভিড-19 সৃষ্ট পৰিবেশৰ পাচত গুৱাহাটীত এইখনেই হৈছে প্ৰথমখন গ্ৰন্থমেলা ৷ গ্ৰন্থৰ সুবাসেৰে সুবাসিত হ’ব চানমাৰি আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰ ৷

ভাৰতৰ কৃষকৰ বীমা যোঁজনাঃ এক সমীকৰণ

প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা হৈছে কেন্দ্ৰীয় চৰকাৰে কৃষকক প্ৰদান কৰা এখন বিশেষ বীমা আঁচনি যাৰ দ্বাৰা প্ৰতিগৰাকী কৃষকেই যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ পৰা হ'ব পৰা ক্ষতিৰ ক্ষতিপূৰণ লাভ কৰিব ৷ ইটিভি ভাৰতৰ সমীক্ষাত এই আঁচনি কৃষকৰ উপযোগী বুলি বিবেচিত হোৱাৰ লগতে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ বীমা আঁচনি হিচাপে পোৱা গৈছে ৷

বৰপেটাৰ যৌন নিৰ্যাতনৰ অভিযুক্তক 5 বছৰ সশ্ৰম কাৰাদণ্ড

শুকুৰবাৰে বৰপেটা আদালতে দোষী সাব্যস্ত কৰিলে 2018 চনত সংঘটিত হোৱা যৌন নিৰ্যাতনৰ অভিযুক্তক ৷ 5 বছৰৰ বাবে কাৰাদণ্ড বিহিছে আদালতে ৷

নাইজেৰিয়াত বকো হাৰামে অপহৰণ কৰা 300ৰো অধিক ছাত্ৰক মুকলি

বকো হাৰামে চৰকাৰী বিজ্ঞান মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষাৰ্থীসকলক অপহৰণ কৰাৰ দায়িত্ব স্বীকাৰ কৰি চলিত সপ্তাহৰ আৰম্ভণিতে এটা ভিডিঅ‘ মুকলি কৰে। ভিডিঅ'ত সংগঠনটোৱে কয় যে,পশ্চিমীয়া শিক্ষা ইছলাম বিৰোধী বুলি সংগঠনটোৱে বিশ্বাস কৰে ৷ যাৰ বাবে তেওঁলোকে এই আক্ৰমণ কৰিছিল।

ডিফুত 24 টাকৈ সংগঠনৰ বিভিন্ন দাবীৰে উত্তাল প্ৰতিবাদ

মূলতঃ সংবিধানৰ যষ্ঠ অনুসূচীৰ অধীনত পৰম্পৰাগত গ্রাম্য পৰিষদ গঠন কৰা, অজনজাতীয় সকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা,লেণ্ড এণ্ড ৰিভল্যেছন এক্ট ১৮৮৬ বাতিল কৰি পৰাম্পৰাগত আইন প্রৱর্তন কৰা আৰু সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত পৰাম্পৰাগত আইন ব্যৱস্থা প্রবর্তন কৰা আদিৰ দাবীত ২৪ টাতকৈ অধিক সংগঠনৰ সন্মিলিত মঞ্চৰ সহস্রাধিক সদস্য-সমর্থক প্ৰতিবাদত বহে ।

ৱাশ্বিংটনত শীতকালীন ধুমুহাৰ ফলত ৫ জন লোকৰ মৃত্যু

মেৰিলেণ্ডৰ বাটিমোৰাৰ বিডব্লিউআই মাৰ্শ্বেল বিমানবন্দৰত স্পিৰিট এয়াৰলাইনছৰ এখন বিমান সুৰক্ষিতভাৱে অৱতৰণ কৰাৰ পিছত টেক্সিৱেৰ পৰা পিছলি পৰে ।

ছয়গাঁৱত ভুৱা আধাৰ কাৰ্ড কেন্দ্ৰ উৎখাত:গ্ৰেপ্তাৰ দুই যুৱক

ছয়গাঁৱৰ গৰৈমাৰীৰ কৰাইবিলত এটি অবৈধ আধাৰ কাৰ্ড বনোৱা ঘাটি উৎখাত কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা হয় দুজন যুৱকক ৷ যুৱক দুজন মহেন্দ্ৰ মণ্ডল আৰু সঞ্জীৱ কুমাৰ বিশ্বাস বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ ৷

মানদাৰডিছা টোলপ্লাজাত জিলা পঞ্জীয়নভুক্ত বাহন কৰ মুক্ত ঘোষণা

ডিমা হাছাও জিলাৰ বাণিজ্যিক আৰু ব্যক্তিগত যানবাহন অহা যোৱাৰ ক্ষেত্ৰত মানদাৰডিছা টোলপ্লাজাত লোৱা নহ'ব কোনো কৰ ।

ABOUT THE AUTHOR

...view details