অসম

assam

ETV Bharat / bharat

বিদ্যুৎ অবিহনে 79 বছৰ; সাধাৰণ মহিলাৰ অসাধাৰণ কাহিনী

সাম্প্ৰতিক বিশ্বৰ যান্ত্ৰিকতাৰ পৰা বহু দূৰত থাকে তেওঁ ৷ তেওঁৰ পুৱা আৰম্ভ হয় চৰাইৰ মিঠা কোলাহলৰে নিশা নামে লেমৰ পুহৰত ৷ তেওঁ ইতিমধ্যে কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰিছে ৷ আজৰি সময়ত তেওঁ কিতাপ লিখে আৰু এই কাৰ্যত তেওঁক তেওঁক সংগীসকলে সহায় কৰে ৷

বিদ্যুত অবিহনে থকা এগৰাকী অসাধাৰণ মহিলাৰ কাহিনী

By

Published : May 8, 2019, 1:36 PM IST

Updated : May 8, 2019, 3:06 PM IST

পুনে, 8 মে’: এগৰাকী 79 বছৰীয়া মহিলা ৷ নাম ডঃ হেমা চেন ৷ পেচাত গড়ৱাৰে মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানৰ এগৰাকী প্ৰ’ফে’ছৰ আছিল তেওঁ ৷ ঘৰ তেওঁৰ পুনেৰ বুধৱাৰ পেথত ৷ সাধাৰণ হৈয়ে কিন্তু অসাধাৰণ এই মহিলাগৰাকী কাৰণ তেওঁৰ ঘৰত নাই বিদ্যুত সংযোগ ৷

চৰকাৰে তেওঁৰ ঘৰত বিদ্যুত সংযোগ কৰি নিদিয়া নহয়, তেওঁ অনুভৱ নকৰে বিদ্যুতৰ দৰকাৰ ৷ সেইবাবেই তেওঁ অসাধাৰণ ৷ আমি বিদ্যুত সংযোগ নহলে থাকিব নোৱাৰো কিন্তু তেওঁ প্ৰকৃতিৰ ইমানেই ভাল পায় যে তেওঁ পৰিবেশ সুৰক্ষাৰ বাবে এই পথ বাচি লৈছে ৷ তেওঁ কয় যে এজন মানুহৰ মৌলিক দৰকাৰ হৈছে খাদ্য, আশ্ৰয় আৰু কাপোৰ ৷ এই সকলোবোৰ তেওঁৰ ওচৰত আছে ৷ বিদ্যুত যোগানৰ তেওঁ অনুভৱবোধ নকৰে ৷ ভাৰতত বিদ্যুত সেৱা আৰম্ভ হোৱাৰ আগতে সকলো বিদ্যুত অবিহনেই আছিল ৷ সেই সময়ত যি দৰে মানুহে সাধাৰণ ধৰনে চলা ফোৰা কৰিছিলে এতিয়াও কৰিব পাৰিব ৷ এই কথা তেওঁ প্ৰমাণ কৰি দেখোৱাইছে ৷

বহু লোকে তেওঁক পগলা বুলি কয় ৷ কিছুমানে সোধে তেওঁ তেওঁৰ ঘৰ সা-সম্পত্তি বোৰ কি কৰিব যাৰ উত্তৰত তেওঁ কয় যে এই সকলো তেওঁৰ কুকুৰ, দুটা মেকুৰী, নেওল আৰু চৰাইবোৰৰ সম্পত্তি ৷ বহু টকাৰ বিনিময়ত যদি কোনোৱে এই ঘৰ কিনিবলা বিছাৰে তেওঁ এই ঘৰ বিক্ৰী নকৰে কাৰণ তেওঁৰ মৰমৰ চৰাই আৰু জন্তুবোৰ নিৰাশ্ৰয় হৈ পৰিব ৷

আৰু পঢ়ক : তেজপুৰত ড্ৰাগছৰ ৰমৰমীয়া বেহা!

বহিঃ জগতৰ যান্ত্ৰিকতাৰ পৰা বহু দূৰত থাকে তেওঁ ৷ তেওঁৰ পুৱা আৰম্ভ হয় চৰাইৰ মিঠা কোলাহলৰে ৰাতি হয় লেমৰ পুহৰত ৷ তেওঁ ইতিমধ্যে কেইবাখনো কিতাপ লিখি প্ৰকাশ কৰিছে ৷ আজৰি সময়ত তেওঁ কিতাপ লিখে আৰু এই কাৰ্যত তেওঁক তেওঁক সংগীসকলে সহায় কৰে ৷

তেওঁ কয় যে তেওঁ কোনো লোকক একো প্ৰমাণ কৰিবলৈ এই ধৰণে নাথাকে তেওঁ মাথো ভাল পায় প্ৰকৃতিৰ সান্নিধ্য ৷ যিসকল লোকে তেওঁ পাগল বুলি কব বিছাৰে তেওঁ গৌতম বুদ্ধৰ কথাৰে কব বিচাৰে যে সকলোৱে নিজৰ জীৱনৰ পথ নিজে বাচি লব লাগিব ৷

Last Updated : May 8, 2019, 3:06 PM IST

ABOUT THE AUTHOR

...view details